নিউজ ডেস্কঃ ডিমা হাচাও জিলাৰ মান্দাৰদিচাত মুকলি হ’ল ৰাজ্যৰ আন এখন টোল প্লাজা। এই বিষয়ে কৰ্তৃপক্ষই বাতৰি কাকতত প্ৰকাশ কৰিছিল যদিও হঠাৎ মঙলবাৰে মুকলি হোৱা টোল গেটখনৰ বাবে মুকলিৰ দিনাই বহু যাত্ৰীয়ে সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে।
টোল গেটখনৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ পূৰ্বে তথা ডিমা হাচাও জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাম সম্পূৰ্ণ হোৱাৰ পৰ্বেই ৰাষ্ট্ৰীয় ঘাই পথ নিৰ্মাণ প্ৰাধিকৰণে মুকলি কৰি দিয়ে এইখন টোল প্লাজা ৷
সৰু যান বাহনৰ এবাৰ যাত্ৰাত ৮৫ টকা তথা অহা যোৱাত ১৩০ টকা, সৰু বাণিজ্যক বাহনৰ এবাৰত ১৪০ টকা তথা এদিনত অহা যোৱাত ২১০ টকা নিৰ্ধাৰণ কৰি হৈছে৷
বাছ আৰু ট্ৰাকৰ এবাৰত ২৯৫ টকা তথা এদিনত অহা যোৱাত ৪৪০ টকা, থ্ৰী এক্সিলী বাণিজ্যিক বাহনৰ বাবে ৩২০ টকা তথা এদিনত অহা যোৱাত ৪৮০ টকা কৰ সংগ্ৰহ কৰা হৈছে।
উল্লেখ, বিভিন্ন সময়ত বিভিন্ন দল সংগঠনে ৰাজ্যত টোল গেটৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে যদিও চাৰিলেন যুক্ত পথৰ মেৰামতিৰ কাম সম্পূৰ্ণ নোহোৱাকৈ ৰাজ্যত এটাৰ পিছত এটাকৈ টোল গেট মুকলি হৈয়েই আছে ।