• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

অম্বুবাচী উপলক্ষে কামাখ্যা ৰেল ষ্টেচনৰ পৰা ভক্তৰ বাছসেৱা আৰম্ভ কৰিলে জয়ন্তমল্ল বৰুৱাই

নিউজ ডেস্ক by নিউজ ডেস্ক
June 21, 2022
in অসম, গুৱাহাটী, সংবাদ
1 min read
0
অম্বুবাচী উপলক্ষে কামাখ্যা ৰেল ষ্টেচনৰ পৰা ভক্তৰ বাছসেৱা আৰম্ভ কৰিলে জয়ন্তমল্ল বৰুৱাই
Share on FacebookShare on Twitter

ক’ভিড পৰিস্থিতি কিছু উন্নতি হোৱাৰ পাছত দুটা বছৰৰ বিৰতিৰ অন্তত ২২ জুনৰ পৰা ২৬ জুনলৈ নীলাচল পাহাৰৰ শক্তিপীঠ কামাখ্যা মন্দিৰত আৰম্ভ হব অম্বুবাচী মহোৎসৱ। ইতিমধ্যে অম্বুবাচী মহোৎসৱ যাতে সুচাৰুভাৱে সম্পন্ন হয় তাৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসনে সকলো ধৰণৰ তৎপৰতা গ্ৰহণ কৰিছে। সমান্তৰাল ভাৱে অম্বুবাচী মেলা পৰিচালনা কমিটি আৰু মন্দিৰ পৰিচালনাৰ দায়িত্বত থকা বৰদেউৰী সমাজেও সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। অৱশ্যে প্ৰথম বাৰৰ বাবে এইবাৰ কামাখ্যা মন্দিৰ চৌহদত ভক্তৰ থকা – খোৱাৰ বাবে কোনো ধৰণৰ ব্যৱস্থা ৰখা হোৱা নাই। তেনেদৰে নামনি কামাখ্যাৰ পৰা দিবাংগ আৰু বয়োজ্যেষ্ঠ ভক্তৰ বাহিৰে সকলোৱে তলৰ পৰা খোজ কাঢ়ি অহা-যোৱা কৰিব লাগিব। দিব্যাংগ আৰু বয়োজ্যেষ্ঠ ভক্তৰ বাবে প্ৰশাসনে ফেৰী গাড়ীৰ ব্যৱস্থা কৰিছে।

আনহাতে বাহিৰৰ পৰা অহা ভক্তৰ বাবে অসম চৰকাৰৰ পৰ্যটন বিভাগে জিলা প্ৰশাসনৰ সহযোগত ফাঁচিবজাৰৰ পুৰণি জেল চৌহদ, কামাখ্যা ৰেল ষ্টেচন চৌহদ আৰু পাণ্ডু নদী বন্দৰ চৌহদত এটাকৈ মুঠ তিনিটা শিবিৰৰ ব্যৱস্থা কৰা হৈছে। সেই তিনিওটা শিবিৰত প্ৰায় ৩০ হাজাৰ ভক্তই আশ্ৰয় লব পাৰিব। শিবিৰৰ পৰা নামনি কামাখ্যালৈ ২২ জুনৰ পৰা ২৬ জুনলৈ অসম ৰাজ্যিক পৰিবহণ নিগমৰ বিশেষ বাছ সেৱা চলাচল কৰিব।

আজি কামাখ্যা ৰেল ষ্টেচন চৌহদত এই বিশেষ বাছ সেৱা উদ্ধোধন কৰে অসম চৰকাৰৰ পৰ্যটন মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই। এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত গুৱাহাটীৰ আৰক্ষী আয়ুক্ত হৰমিত সিং, কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লব গোপাল ঝাঁ, অসম পৰ্যটন উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক পদ্মপাণি বৰা, পৰিবহণ বিভাগৰ সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাস, অসম ৰাজ্যিক পৰিবহণ নিগমৰ উপ মহা প্ৰৱন্ধক বিজু ডেকাকে ধৰি কেবাজনো উচ্চপদস্থ বিষয়া উপস্থিত থাকে। উল্লেখযোগ্য যে এইবাৰ তিনিওটা শিবিৰৰ পৰা নামনি কামাখ্যালৈ ভক্তক বিনামূলীয়াকৈ অনা নিয়া কৰাৰ বাবে পৰিবহণ নিগমৰ মুঠ ৮০ খন বাছ চলাচল কৰিব। তেনেদৰে ফেৰী গাড়ী হিচাপে মন্দিৰৰ ওপৰলৈ চলাচল কৰিব নিগমৰ ৮ খন ইলেকট্ৰনিক বাছ। ইতিমধ্যে অম্বুবাচীলৈ মাজতে মাত্ৰ কেই ঘণ্টামান বাকী থকা অৱস্থাত দূৰ দূৰণিৰ পৰা অহা ভক্তৰে ভৰি পৰিছে তিনিওটা শিবিৰ আৰু মন্দিৰ চৌহদ।

Previous Post

গুৱাহাটী সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত বিষ্ণু ৰাভা দিৱস উদযাপন

Next Post

আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস উপলক্ষে অসম অলিম্পিক সন্থাৰ তৰ্ক আৰু কুইজ প্ৰতিযোগিতাৰ আয়োজন

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস উপলক্ষে অসম অলিম্পিক সন্থাৰ তৰ্ক আৰু কুইজ প্ৰতিযোগিতাৰ আয়োজন

আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস উপলক্ষে অসম অলিম্পিক সন্থাৰ তৰ্ক আৰু কুইজ প্ৰতিযোগিতাৰ আয়োজন

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

দ্ৰৌপদী মুৰ্মূ ৰাষ্ট্ৰপতি পদৰ বাবে বিজেপিৰ মনোনীত প্ৰাৰ্থী! কিন্তু কোন এই দ্ৰৌপদী মুৰ্মূ?

দ্ৰৌপদী মুৰ্মূ ৰাষ্ট্ৰপতি পদৰ বাবে বিজেপিৰ মনোনীত প্ৰাৰ্থী! কিন্তু কোন এই দ্ৰৌপদী মুৰ্মূ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8