বহিঃৰাজ্যলৈ কিশোৰী সৰবৰাহ কৰাৰ ঘটনাই জোকাৰিছে হোজাই অঞ্চল। বহিঃৰাজ্যলৈ কিশোৰী নি বিক্রী কৰাৰ অভিযোগত যুৱতীসহ আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে অভিযুক্তক। কাম দিয়াৰ চলেৰে এগৰাকী কিশোৰীক লৈ গৈছিল দিল্লীলৈ। হোজাই আমছুৰ সহযোগত পৰিয়ালে কিশোৰীগৰাকীক উদ্ধাৰ কৰাৰ পিছতেই পোহৰলৈ আহে সমগ্ৰ ঘটনা। পৰিয়ালৰ এজাহাৰ আৰু কিশোৰীগৰাকীৰ ভাষ্যৰ ভিত্তিত আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে ৬ জনক।
POCSO আইনৰ অধীনত গোচৰ পঞ্জীয়ণ কৰি গ্রেপ্তাৰ কৰা হৈছে আটাইকেইজনক। উল্লেখ্য ধৃত অভিযুক্তকেইজন পাৰবিনা বেগম, বিলাল উদ্দিন, আফাজ উদ্দিন, নাচিৰ হুছেইন, আব্দুল কৰিম আৰু আজমল হুছেইন। ইয়াৰে আব্দুল কৰিম নামৰ লোকজন বিজেপি দলৰ স্থানীয় নেতা। আটাইকেইজনকে আদালতত হাজিৰ কৰোৱাৰ পাছত ইতিমধ্যেই আৰক্ষীয়ে জে’ল হাজোতলৈ প্রেৰণ কৰিছে ।