নিউজ ডেস্কঃ তিনিচুকীয়াৰ বৰগুৰিত অনির্দিষ্টকালীন অৱস্থান ধর্মঘট কার্যসূচীত অংশগ্রহণ কৰা এগৰাকী গৰ্ভৱতী মহিলাৰ শনিবাৰে পুৱতি নিশা এ এম চি এইছত মৃত্যু হয় ৷
দধিয়া কুলি গাঁৱৰ বিষ্ণু মৰাং নামৰ লোক এজনৰ পত্নী কুস্মিতা মৰাং (২৪) নামৰ মহিলাগৰাকী সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছিল ডিব্ৰুগড়স্থিত এ এম চি এইছত ৷
লাইকা-দধিয়াবাসীক পুনৰ সংস্থাপন আৰু ডিব্রু ছৈখোৱা ৰাষ্ট্রীয় উদ্যান সংৰক্ষণৰ দাবীত তিনিচুকীয়াৰ বৰগুৰিত অৱস্থান ধর্মঘট কার্যসূচীত অংশগ্রহণ কৰিছিল মহিলাগৰাকীয়ে ৷
উল্লেখ্য, প্রতিবাদত অংশগ্রহণ কৰি থকাৰ সময়তে ৬ জানুৱাৰীত অসুস্থ হৈ পৰা মহিলাগৰাকীক অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভর্তি কৰোৱা হৈছিল ৷
ইতিমধ্যে মহিলাগৰাকীৰ গর্ভতেই মৃত্যু হৈছিল সন্তানটিৰ ৷
মৃত সন্তানটি অস্ত্রোপচাৰ কৰি উলিয়াবলৈও সমস্যাৰ সন্মুখীন হৈছিল চিকিৎসক ৷
ইপিনে এই ঘটনাৰ পিছৰে পৰা অধিক ক্ষুব্ধ হৈ পৰিছে লাইকা-দধিয়াবাসী ৷
নিজৰ জীৱন সুৰক্ষিত কৰাৰ স্বার্থত টি এম পি কে, এম এম কে, লাইকা-দধিয়া পুনৰ সংস্থাপন দাবী সমিতি সৰৱ হৈ পৰিছে ৷
সংগঠনকেইটাই লাইকা- দধিয়াবাসীৰ স্বার্থত যিকোনো প্রতিবাদী কার্যসূচী গ্রহণ কৰা হ’ব বুলি মুখ্যমন্ত্রীলৈ এখন স্মাৰক-পত্র প্রেৰণ কৰিছে ৷
প্ৰতিবাদৰ ১৯ দিন পিছতো তিনিচুকীয়া জিলা প্রশাসন তথা চৰকাৰে বিহিত ব্যৱস্থা গ্রহণ নকৰাৰ বাবেই এনে ঘটনা সংঘটিত হ’বলৈ পাইছে বুলিও অভিযোগ উত্থাপন কৰিছে লোকসকলে ৷
প্রচণ্ড শীত, বিশুদ্ধ খোৱাপানী, আৰু স্বাস্থ্যসন্মত অনাময় ব্যৱস্থা নথকাৰ বাবে প্রতিবাদকাৰীসকল বিভিন্ন ৰোগত আক্রান্ত হৈছে ৷
ইপিনে, লাইকা-দধিয়া পুনৰ সংস্থাপন দাবী সমিতিৰে এক আলোচনাত মিলিত হৈ লাইকা-দধিয়াৰ পৰিয়ালসমূহক পুনৰ সংস্থাপনৰ বিষয়টো ৩১ জানুৱাৰীৰ ভিতৰত প্রক্রিয়া সম্পূর্ণ কৰিবলৈ নির্দেশ দিছিল মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে ৷
প্রতিবাদস্থলীত কিছুদিন পূর্বেও পর্যাপ্ত স্বাস্থ্য সেৱা লাভ নকৰাৰ ফলত ৰেৱতী পাৱ (৫৬) নামৰ এগৰাকী মহিলাই মৃত্যুক সাবটি ল’ব লগা হৈছিল ৷