নিউজ ডেস্কঃ দীৰ্ঘদিনৰ পৰা ওদালগুৰি ৰেল ষ্টেচনত একাংশ ৰেল কৰ্মচাৰীৰ গুণ্ডাগিৰি চলি অহাৰ অভিযোগৰ মাজতে দেওবাৰে নিশা এজন ৰেল কৰ্মচাৰীয়ে ষ্টেচনত নিদ্ৰামগ্ন হৈ থকা আশ্রয়হীন লোকৰ সা-সম্পদ ভাঙি পেলোৱাৰ ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। জানিব পৰা মতে নিশা প্ৰায় ৯.১৫ বজাত সৰ্বেশ্বৰ বড়ো নামৰ ৰেল কৰ্মচাৰীজনে সেই সময়ত কৰ্তব্যৰ নথকা স্বত্বেও ষ্টেচনটোত আশ্ৰয় লৈ থকা আশ্রয়হীনৰ ওপৰত গুণ্ডাগিৰি প্ৰদৰ্শন কৰে। আনহাতে অন ছৰভৰ নামৰ এজন ৬৫ বছৰীয়া বৃদ্ধক শাৰীৰিকভাৱে বেয়াকৈ প্ৰহাৰো কৰে ৰেল কৰ্মচাৰীজনে। ইফালে আশ্রয়হীনৰ ওপৰত এনেকৈ অত্যাচাৰ কৰি সেই স্থানৰ পৰা পলায়ন কৰে সৰ্বেশ্বৰ বড়োয়ে।
অভিযোগ অনুসৰি, ৰেল কৰ্মচাৰীজনে এই ঘটনা সংঘটিত কৰাৰ সময়ত ষ্টেচনত ৰেল আৰক্ষী উপস্থিত আছিল যদিও ঘটনাত বাধা দিবলৈ কোনেও চেষ্টা নকৰিলে। পিছত ঘটনাস্থলীত সাংবাদিকৰ দল উপস্থিত হৈ আহত লোকজনক হাস্পতাললৈ প্ৰেৰণ কৰে। ঘটনা সংঘটিত কৰা ৰেল কৰ্মচাৰীজনে সেই সময়ত সুৰাসক্ত অৱস্থাত আছিল বুলি জানিব পৰা গৈছে।