৭৮সংখ্যক স্বাধীনতা বৰ্ষত “মেৰা ভাৰত মহান” শ্ল’গানেৰে স্বদেশ আৰু স্বজাতিৰ প্ৰতি দেশাত্মবোধ উদ্বুদ্ধ কৰাৰ লক্ষ্যৰে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে আজিৰে পৰা বিশেষ জনসেৱা মাহৰ কাৰ্যসূচী গ্ৰহণ কৰিছে ৷ যান-বাহনৰ গৰাকীক বাহনৰ নথিপত্ৰ বিষয়ক বিভিন্ন সমস্যা সমাধানত সহায়ৰ হাত আগবঢ়াবলৈ পৰিবহণ বিভাগে এই বিশেষ গুৰুত্বপূৰ্ণ কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে ৰাজ্যৰ পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া গৌতম দাসে।
এই জনসেৱা মাহত বিশেষকৈ সামৰিক,অৰ্ধসামৰিক,আৰক্ষী, চিকিৎসক,অধিবক্তা, সাংবাদিক,ক্ৰীড়াবিদ আৰু মুক্তিযুঁজাৰু পৰিয়ালৰ সদস্যক সামৰি লোৱা হ’ব ৷ সমাজৰ এইসকল উৎসৰ্গিত ব্যক্তিৰ যিসকলে সময়ৰ অভাব আৰু কাৰিকৰী অসুবিধাত নিজৰ বাহনৰ নথি-পত্ৰসমূহ নৱীকৰণ কৰিব পৰা নাই অথবা সময়মতে যানবাহনৰ যাৱতীয় কৰ-কাটল আদায় দিব পৰা নাই তেওঁলোকে ফোনযোগে নিজৰ গুৰুত্বপূৰ্ণ সমস্যা সন্দৰ্ভত অৱগত কৰিলে গৰাকীৰ ঘৰ অথবা কাৰ্যালয়ত উপস্থিত হৈ সেয়া তাৎক্ষণিকভাৱে সমাধানৰ ব্যৱস্থা কৰিব পৰিবহণ বিভাগৰ সহায়কাৰী বিষয়া-কৰ্মচাৰীৰ দলে। এই সুবিধা গ্ৰহণৰ বাবে ইচ্ছুক লোকক ৯৫৭৭৯৯২১৫৩, ৮০১১৩৩৩০১৩, ৮৮২২৭৫৫৭৩৮,৯১২৭২০৬৮০৩ নম্বৰত ৰাতিপুৱা ১১ বজাৰ পৰা আবেলি ৪ বজাৰ ভিতৰত যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে ৷