সোমবাৰৰ পৰা আৰম্ভ হ’ল ৰাজ্যিক পথ-সুৰক্ষা সপ্তাহ। আগন্তুক দুৰ্গোৎসৱৰ সময়চোৱাত ৰাজ্যৰ ৰাজপথত সুৰক্ষিত যাতায়াত নিশ্চিত কৰি পথ-দুৰ্ঘটনা ৰোধৰ লক্ষ্যৰে অসম চৰকাৰৰ পৰিবহণ বিভাগৰ উদ্যোগত ৭-১৩ অক্টোবৰলৈ অনুষ্ঠিত হ’বলগীয়া ৰাজ্যিক পথ-সুৰক্ষা সপ্তাহৰ কাৰ্যসূচী আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৰাজ্যৰ পৰিবহণ দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তই। মহানগৰীৰ খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয় প্ৰেক্ষাগৃহত আজি ৰাজ্যৰ জিলা পৰিবহণ বিষয়াসকলৰ এখনি পৰ্যালোচনা সভা অনুষ্ঠিত হয়। পৰ্যালোচনা সভাখনৰ আৰম্ভণিতে পথ-সুৰক্ষা সজাগতাৰ আহ্বানেৰে উলিওৱা বাইক-কাৰ ৰেলিৰ ফ্লেগ অফ আৰু “নিৰ্বাক” গোষ্ঠীৰ এক ব্যতিক্ৰমী মুকাভিনয় অনুষ্ঠানৰ দ্বাৰা পৰিবহণ মন্ত্ৰীগৰাকীয়ে ৰাজ্যিক পথ-সুৰক্ষা সপ্তাহ মুকলি হোৱা বুলি ঘোষণা কৰে। লগতে উপস্থিত থকা লোকসকলৰ মাজত মন্ত্ৰীগৰাকীয়ে পথ-সুৰক্ষা বাণীসম্বলিত টি ছাৰ্ট আৰু টুপী বিতৰণ কৰে। ইয়াৰ আগেয়ে মন্ত্ৰীগৰাকীক আদৰণি জনায় পৰিবহণ বিভাগৰ সচিব আদিল খানে। পথ-সুৰক্ষা সপ্তাহৰ উদেশ্য বাখ্যা কৰে পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসে।
পথ সুৰক্ষা সপ্তাহ মুকলি কৰি দিয়া ভাষনত পৰিবহণ মন্ত্ৰীগৰাকীয়ে আগন্তুক দুৰ্গোৎসৱৰ সময়চোৱা পথ-দুৰ্ঘটনামুক্তভাৱে উদযাপন কৰাৰ বাবে সমাজৰ সকলো শ্ৰেণীৰ ৰাইজৰ স্বতঃস্ফূৰ্ত সহযোগিতা আহ্বান কৰি বক্তব্য আগবঢ়াই। তেওঁ কয় যে, পথ আৰু বাহনেৰে যাতায়াত কৰাসকলক পৰিবহণ বিভাগৰ বিষয়াই পথ-সুৰক্ষাৰ নীতি-নিয়ম সন্দৰ্ভত বাৰম্বাৰ সজাগ-সতৰ্ক কৰি অহা কাৰ্যক হাৰাশাস্তি বুলি ভবাটো অনুচিত। বৰঞ্চ আমাৰ জীৱনৰ সুৰক্ষাৰ কাৰণে পৰিবহণৰ বিষয়াই নিৰ্ধাৰণ কৰি দিয়া নীতি নিৰ্দেশনাৰ উপকাৰিতা আমি প্ৰত্যেকেই অন্তৰেৰে অনুভৱ কৰিব লাগিব বুলি তেওঁ গুৰুত্বপূৰ্ণ মন্তব্য কৰে। দুৰ্গোৎসৱৰ সময়চোৱাত পথত যান-বাহনৰ সংখ্যা যিহেতু বৃদ্ধি পাই সেয়ে এই সময়চোৱাত অতি সতৰ্কতাৰে যানবাহন চলাই নিজক সুৰক্ষিত কৰি ৰখাৰ লগতে ৰাজপথৰ সুৰক্ষাও যাতে নিশ্চিত কৰিব পাৰি তাৰবাবে পৰিবহণ মন্ত্ৰী গৰাকীয়ে সকলোৰে প্ৰতি আহ্বান জনায়। উল্লেখ্য যে ৰাজ্যিক পথ-সুৰক্ষা সপ্তাহ মুকলিৰ পিছতে পৰিবহণ মন্ত্ৰীগৰাকীয়ে পৰিবহণ বিষয়াসকলৰ পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে। সভাত পৰিবহণ বিভাগৰ সচিব আদিল খান, পৰিবহন বিভাগৰ আয়ুক্ত মেঘ নিধি দাহাল, পৰিবহন বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া গৌতম দাসকে ধৰি অসমৰ প্ৰতিখন জিলাৰ পৰা অহা জিলা পৰিবহন বিষয়া, প্ৰৱৰ্তক বিষয়া আৰু যানবাহন পৰিদৰ্শকসকল উপস্থিত থাকে। পৰ্যালোচনা সভাখনৰ আৰম্ভণিতে ৰাজ্যিক পথ সুৰক্ষা সপ্তাহৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা পথ-সুৰক্ষা বিষয়ক ভিডিঅ’ পৰিবহণ মন্ত্ৰীগৰাকীয়ে মুকলি কৰে। বিষয়াসকলৰ পৰ্যালোচনা সভাৰ আদৰণি ভাষণ দিয়ে পৰিবহণ আয়ুক্ত মেঘনিধি দাহালে। পথ সুৰক্ষা সপ্তাহৰ অনাগত দিনত ৰাজ্যৰ বিভিন্ন জিলাসমূহত গ্ৰহণ কৰিবলগীয়া বিভিন্ন কাৰ্যপন্থা সন্দৰ্ভতো সভাত আলোচনা কৰা হয় ।