আজি ৩১মাৰ্চ, বিত্তীয় বৰ্ষৰ অন্তিম দিন। সেয়ে আজি দেওবাৰেও খোলা থাকিব পৰিবহণ বিষয়াৰ কাৰ্যালয়। ৰাজ্যৰ ৰাজপথত সুৰক্ষিত যাতায়াত বাহাল ৰখাৰ স্বাৰ্থত যান-বাহনৰ নথিপত্ৰ নৱীকৰণৰ সুবিধাৰ্থে কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত দেওবাৰেও সকলো সেৱা উপলব্ধ হ’ব।
ব্যক্তিগত, বাণিজ্যিক সকলো শ্ৰেণীৰ বাহনৰ গৰাকীকে নথি-পত্ৰসমূহ সঠিক কৰি ৰাখি অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে নিজৰ লগতে আনকো সুৰক্ষিত যাতায়াতত সহযোগ কৰিবলৈ আহ্বান জনাইছে ৰাজ্যৰ উপ-পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে। যিসকলে এতিয়াও যান-বাহনৰ কৰ আদায় দিয়া নাই তেওঁলোকক ৩১মাৰ্চত পৰিশোধ কৰি নথি-পত্ৰসমূহ নৱীকৰণ কৰিহে ৰাজপথত উঠিবলৈ আহ্বান জনোৱা হৈছে। পথত চলাচলৰ বাবে নথি-পত্ৰসমূহেই যান-বাহনৰ প্ৰধান সাৰথি বুলিও বাহনৰ গৰাকীৰ প্ৰতি উপ-পৰিবহণ আয়ুক্তগৰাকীয়ে গুৰুত্বপূৰ্ণ মন্তব্য কৰে