২০১২ত দেশৰ ৰাজধানী দিল্লীত সংঘটিত হোৱা নিৰ্ভয়াকাণ্ডৰ পিছতে মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধমূলক ঘটনা হ্ৰাস কৰাৰ ব্যৱস্থা গ্ৰহণৰ উদ্দেশ্য পৰামৰ্শ বিচাৰি ন্যায়াধীশ(অৱসৰপ্ৰাপ্ত) জে এছ বাৰ্মাৰ নেতৃত্বত ভাৰত চৰকাৰে গঠন কৰি দিয়া সমিতিখনে আগবঢ়োৱা পৰামৰ্শৱলীৰ অন্যতম আছিল প্ৰতিখন যাত্ৰীবাহী বাছতে নষ্ট কৰিব নোৱাৰাকৈ GPS ব্যৱস্থা সংযোগ কৰা।
সমিতিখনৰ এই পৰামৰ্শৰ ভিত্তিতে কেন্দ্ৰীয় চৰকাৰে ২০১৬ৰ ২৮ নৱেম্বৰত এক অধিসূচনাযোগে ১৯৮৯ৰ কেন্দ্ৰীয় যান-বাহন বিধিৰি সংশোধন ঘটাই ১২৫ এইছ নামৰ বিধিৰ অন্তৰ্ভুক্তিৰে ৰাজহুৱা বাহন আৰু ৰাষ্ট্ৰীয় অনুজ্ঞাপত্ৰ থকা মালবাহী বাহনত জৰুৰীকালীন বুটামসহ বাহনৰ স্থান নিৰ্ণায়ক সঁজুলি সংযোগ কৰাটো বাধ্যতামূলক কৰিছিল।
কিন্তু দুখৰ বিষয়টো হ’ল যে উল্লেখ কৰা বিধি বলবৎকৰণৰ ক্ষেত্ৰত অসমৰ পৰিহবণ বিভাগে অবৈধ পদ্ধতি অৱলম্বন কৰিছে।
কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ পৰা নিৰ্ভয়া ফ্ৰেমৱৰ্কৰ অধীনত পুঁজি পোৱাৰ পিছতো অসম চৰকাৰে ৰাজহুৱা যান-বাহনৰ ওপৰত এইপৰ্যন্ত পৰিচালন তথা নিয়ন্ত্ৰণ কেন্দ্ৰও স্থাপন কৰা নায়।
চৰকাৰে কেন্দ্ৰীয় যান-বাহন নিধি ১৯৫৯ৰ ১২৬নং বিধিত নিৰ্দিষ্ট কৰা পৰীক্ষণ সংস্থাৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত আৰু ‘বাহন'(VAHAN)ৰে সংলগ্ন উমৈহতীয়া ব্যৱস্থা এটা গঢ়ি তোলাৰ পৰিৱৰ্তে নিজৰ ইচ্ছানুসৰি এনে সঁজুলিৰ প্ৰস্তুতকৰ্তাৰ পঞ্জীয়নৰ ব্য়ৱস্থা কৰিছে।
বিধি উলংঘন কৰি অসমৰ পৰিবহণ আয়ুক্তই থাৰ্ড পাৰ্টীৰ যোগেদি ভি এল ডি টি সংযোগকৰণৰ অনুমতি দিয়াটো নাৰীৰ সুৰক্ষা আৰু নিৰাপত্তাক মূল উদ্দেশ্য়ৰূপে লৈ প্ৰস্তুক কৰা ১২৫ এইচ বিধিৰ প্ৰতি ভেঙুচালি মাথোন।
মহিলাৰ সুৰক্ষা তথা নিৰাপত্তাক লৈ ল’ৰা-ধেমালি কৰা এনে ব্যৱস্থাৰে চৰকাৰে ৰাজকোষৰ ধনৰ অপচয় কৰিছে।
Photo: Headline8