মহানগৰীৰ জালুকবাৰীস্থিত কৃষ্ণকান্ত সন্দিকৈ চৰকাৰী সংস্কৃত মহাবিদ্যালয়ৰ ভূতপূৰ্ব অধ্যাপক উমাকান্ত দেৱ শৰ্মা, যোৰহাটস্থিত জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ সংস্কৃত বিভাগৰ ভূতপূৰ্ব প্ৰধান অধ্যাপক তথা মহাবিদ্যালয়খনৰ একালৰ অধ্যক্ষ আৰু কৃষ্ণকান্ত সন্দিকৈ চৰকাৰী সংস্কৃত মহাবিদ্যালয় ভাৰত চৰকাৰৰ দ্বাৰা শাস্ত্ৰ চূড়ামণি বিদ্ধান হিচাপে তিনিবছৰ কাল অধ্যাপনা কৰা ভৱকৃষ্ণ মিশ্ৰৰ স্মৃতিত কৃষ্ণকান্ত সন্দিকৈ চৰকাৰী সংস্কৃত মহাবিদ্যালয়ত যোৱা ১০ নৱেম্বৰত এখন শ্ৰদ্ধাঞ্জলি সভাৰ আয়োজন কৰা হয়। সভাত প্ৰয়াত দুয়োগৰাকী অধ্যাপকৰ পৰিয়ালবৰ্গৰ উপৰিও অনেক গুনমুগ্ধ ব্যক্তিৰ লগতে মহাবিদ্যালয়ৰ অধ্যক্ষ, অধ্যাপক-অধ্যাপিকাবৃন্দ, কৰ্মচাৰীবৃন্দ আৰু ছাত্ৰ- ছাত্ৰী উপস্থিত থাকে। শ্ৰদ্ধাঞ্জলি সভাত সৰস্বতীৰ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন, মংগলাচৰণ কৰাৰ পিছত প্ৰয়াত দুয়োগৰাকী পণ্ডিতৰ প্ৰতিকৃতিত মাল্যাৰ্পণ, পুষ্পাঞ্জলি প্ৰদান, বন্তি প্ৰজ্বলন কৰা হয়।
শ্ৰদ্ধাঞ্জলি সভাখনৰ আঁত ধৰে ড° গোকুলেন্দ্ৰ নাৰায়ণ দেৱগোস্বামীয়ে। মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিনীতা ভাগৱতীৰ সভাপতিত্বত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি সভাত উপস্থিত থাকি গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিদ্যা বিভাগৰ প্ৰাক্তন কিউৰেটৰ ড° গজেন শৰ্মাই অধ্যাপক উমাকান্ত দেৱ শৰ্মাৰ জীৱন আৰু কৃৰ্তিৰ বিষয়ে চৰ্চা কৰে। উক্ত সভাত উপস্থিত থকা সংস্কৃত মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° নৃপেন্দ্ৰ নাথ শৰ্মাৰ লগতে গুৱাহাটী উচ্চ ন্যায়লয়ৰ অধিবক্তা তাপস মিশ্ৰ, বকো মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা মন্দিৰা মিশ্ৰ শৰ্মা, ধৰ্মপুৰ উন্নয়ন পৰিষদৰ সচিৱ জ্যোতিৰ্ময় শৰ্মাই সভাত দুয়োগৰাকী মহান ব্যক্তিৰ বিচিত্ৰতাপূৰ্ণ কৰ্মজীৱনৰ ওপৰত আলোকপাত কৰে। অধ্যাপক সুনীতি বল্লভ গোস্বামীৰ নেতৃত্বত শান্তিপাঠ মন্ত্ৰেৰে সভাৰ সমাপ্তি ঘোষণা কৰা হয়।