ৰাজ্যজুৰি শোকৰ ছাঁ ৷ যেন এটা যুগৰহে যৱনিকা পৰিল অসমৰ ৷ অৰ্ধশতিকাজোৰা ৰাজনীতিৰ সৈতে জৰিত হৈ দেশসেৱা আগৱঢ়োৱা গগৈ আছিল এগৰাকী বিচক্ষণ প্ৰশাসক ৷তৰুণ গগৈৰ বিয়োগত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আজি গান্ধী মণ্ডপত থকা ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত কৰা হয়।প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ বিয়োগৰ পাছতে শোক ব্যক্ত কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে তিনিদিনীয়া ৰাজ্যিক শোক ঘোষণা কৰিছিল।মুখ্য মন্ত্ৰীয়ে ৰাজ্যিক শোক ঘোষণা কৰাৰ পাছতে গান্ধী মণ্ডপত থকা ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত কৰা হয়। ২০০১ চনৰ পৰা ২০১৬ চনলৈ ১৫টা বছৰ অসমৰ ৰাজনৈতিক পথাৰখনত মুখ্য মন্ত্ৰী হিচাপে কাৰ্য্যনিৰ্বাহ কৰা প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ সোমবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত ইহ সংসাৰৰ পৰা চিৰ বিদায় লয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৬ বছৰ ৷ সহজ সৰল জীৱন দৰ্শনেৰে তিনিবাৰকৈ অসমৰ মুখ্য মন্ত্ৰীৰ পদ অলংকৃত কৰা গগৈ অসমৰ ইতিহাস ৷
প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকীৰ বিয়োগৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিয়েই আজি ৰাজ্যৰ বিভিন্ন স্থানত উদযাপিত হ’বলগীয়া লাচিত দিৱসৰ কাৰ্য্যসূচী সমূহো বাতিল কৰে ৷ আজি আবেলিৰ পৰা কাইলৈৰ দিনটো প্ৰাক্তন মুখ্য মন্ত্ৰী গগৈৰ নশ্বৰ দেহ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ অৰ্থে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰখা হ’ব বুলি জানিব পৰা গৈছে ৷
দেশৰ ৰাষ্ট্ৰপতি, প্ৰধান মন্ত্ৰীৰ লগতে অন্যান্য ৰাজনৈতিক নেতা-কৰ্মী সকলেও অসমৰ ৰাজনীতিবিদ গৰাকীৰ বিয়োগত গভীৰ শোক ব্যক্ত কৰি সামাজিক মাধ্যমত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে ।