নিউজ ডেস্কঃ ইউনাইটেড বড়ো পিপল অৰ্গনাইজেছন (ইউবিপিঅ’)ৰ ৭০০ত কৈও অধিক নেতা আৰু সদস্যই শুকুৰবাৰে গুৱাহাটীত ভাৰতীয় জনতা দলত যোগদান কৰে৷
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ড০ হিমন্ত বিশ্ব শৰ্মা আৰু ৰঞ্জিৎ কুমাৰ দাসৰ উপস্থিতিত ইউবিপিঅ’ৰ এই সদস্যসকলে গেৰুৱা দলটোত যোগদান কৰে৷
নতুনকৈ যোগদান কৰা সদস্যসকলক আদৰণি জনাই মুখ্যমন্ত্ৰী সোণোৱালে কয়, ‘‘আমি সকলো জনগোষ্ঠীকে লগত লৈ উন্নতিৰ পথলৈ আগুৱাই যোৱা উচিত৷
অনুষ্ঠানটোত হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ সংস্কৃতি আৰু পৰম্পৰা ৰক্ষাত বিজেপি নেতৃত্বাধীন চৰকাৰখনে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে আলোকপাত কৰে৷