নিউজ ডেস্কঃ প্ৰথমে নানা ধৰণৰ অত্যাচাৰ তাৰ পিছতেই সমাজৰ পৰা বহিস্কাৰ। অৱশেষত ভূ মাফিয়াৰ ষ্টাইলত ঘৰ মাটি দখল । সমাজ সংস্কাৰৰ কথা কোৱা এটা অখ্যাত ভূ-মাফিয়া সংগঠনৰ । এই ঘটনা সংঘটিত হৈছে ওদালগুৰি জিলাৰ চিলং খুটি গাঁৱত। গাঁওখনৰ এঘৰ লোকৰ সকলো সদস্য চাকৰিয়াল হোৱাৰ বাবে প্ৰথমে ধন দাবী কৰে অখ্যাত সংগঠনটোৱে। চিলং খুটি গাঁৱৰ মোহন বাহাদুৰ চেত্ৰী নামৰ এগৰাকী অৱসৰ প্ৰাপ্ত শিক্ষকক “গোৰ্খা সমাজ সুধাৰ সমিতি” নামৰ সংগঠনটোৱে প্ৰথমে সমাজৰ পৰা বহিস্কাৰ কৰে। শেহতীয়াকৈ ২০২০ চনৰ ২৫ ছেপ্তেম্বৰত অৱসৰপ্ৰাপ্ত শিক্ষক মোহন বাহাদুৰ ছেত্ৰীৰ ঘৰ মাটি দখল কৰে চিলংখুটি গাঁৱৰ হৰি খোনাল( প্ৰধান শিক্ষক চিলিং খুটি বিদ্যাপীঠ) বীৰেন কুমাৰ থাপা, দিল্লী ৰাম কাৰ্কি (গাওঁবুঢ়া) নাৰায়ণ বাচকাতা নামৰ চাৰিজন লোকে। এই চাৰিজন লোকেই ‘‘গোৰ্খা সমাজ সুধাৰ সমিতি’’ নামৰ এটা অখ্যাত সংগঠন খুলি নিজৰ প্ৰভাৱ খটুৱাই নিজৰ খেয়াল খুচি মতে সমাজৰ পৰা বহিস্কাৰৰ লগতে নানা অজুহাতত মোহন বাহাদুৰ ছেত্ৰীৰ পৰিয়ালক ধন দাবী কৰাৰ অভিযোগ কৰিছে ভুক্তভোগী পৰিয়ালে । মোহন বাহাদুৰ ছেত্ৰী নামৰ অৱসৰ প্ৰাপ্ত শিক্ষকজনৰ ১ বিঘা ৮ লেচা মাটি আৰু ঘৰ অবৈধ ভাবে দখল কৰে চাৰিজন লোকৰ দ্বাৰা গঠিত অখ্যাত সংগঠনটোৱে । ২০১৪ চনৰ ১ মে’ৰ পৰাই সমাজৰ পৰাই সামাজিকভাৱে বহিস্কাৰ কৰিছিল মোহন বাহাদুৰ ছেত্ৰীৰ পৰিয়ালটোক। বহিস্কাৰ কৰি ১ লাখ টকা দাবী কৰে চাৰিজন লোকৰ দ্বাৰা গঠিত সংগঠনটোৱে। অখ্যাত সংগঠনটোক টকা নিদিয়াৰ বাবেই ঘৰ মাটি দখল কৰাৰ অভিযোগ ভুক্তভোগী পৰিয়ালৰ। প্ৰথমে চাৰিজন লোকৰ দ্বাৰা গঠিত ‘‘গোৰ্খা সমাজ সুধাৰ সমিতি’’য়ে ৰাজহুৱা স্থানৰ পৰা বহিস্কাৰ কৰে মোহন বাহাদুৰ ছেত্ৰীৰ পৰিয়ালক। অত্যাচাৰ সহিব নোৱাৰি মোহন বাহাদুৰ ছেত্ৰীৰ পৰিয়ালে আশ্ৰয় লয় গৈ ঢেকীয়াজুলিত। ৬ জনীয়া পৰিয়ালৰ সৈতে বহু বছৰ ধৰি চিলিং খুটি গাঁৱত থকা মোহন বাহাদুৰ ছেত্ৰীৰ পৰিয়ালৰ লোকসকল চাকৰিয়াল আৰু সহজ সৰল হোৱা বাবে ২০১৪ চনৰে পৰাই ধন দাবী কৰি অহাৰ অভিযোগ তুলিছে সংগঠনটোৰ বিৰুদ্ধে । মোহন বাহাদুৰ ছেত্ৰীৰ পৰিয়ালটোৱে অত্যাচাৰ সহিব নোৱাৰি গাঁও এৰি যোৱাৰ পাছতে ঘৰ মাটি দখল কৰে গোৰ্খা সমাজ সুধাৰ সমিতি নামৰ সংগঠনটোৱে ।