পুনৰ জটিলতাৰ আৱৰ্তত অপহৃত প্ৰণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰৰ মুক্তিৰ প্ৰসংগ ৷
মধ্যস্থতাকাৰী কৌশিক ফুকনে ইতিবাচক বাৰ্তা দিয়াৰ দিনটোতে পুনৰ জটিলতাৰ মাজত সোমাই পৰিল সমগ্ৰ বিষয়টো ৷
এটা নিউজ ৱেব প’ৰ্টেলে সম্প্ৰচাৰিত কৰা বাতৰি প্ৰসংগত এক প্ৰেছ বিবৃতি প্ৰকাশ কৰিছে আলফা(স্বাঃ) য়ে ৷
প্ৰচাৰ বিভাগৰ সদস্য কেপ্টেইন ৰুমেল অসমৰ বিবৃতিত উল্লেখ অনুসৰি আলফা(স্বাঃ)ৰ অভিযোগ, নিউজ ৱেব প’ৰ্টেলটোৰ এজন ঘোষক আৰু এজন সাংবাদিকে উপ-সভাপতি তথা সেনাধ্যক্ষ পৰেশ বৰুৱাৰ সদিচ্ছাক ভেঙুচালি কৰি তীৰ্যক মন্তব্যৰে হেয় প্ৰতিপন্ন কৰাৰ অপচেষ্টা কৰিছে ৷
এনে পৰিপ্ৰেক্ষিতত ঘোষকজন আৰু সাংবাদিকগৰাকীয়ে যেতিয়ালৈকে সংগঠনটোৰ ওচৰত নিজৰ ভুল স্বীকাৰ কৰি ক্ষমা ভিক্ষা নিবিচাৰে তেতিয়ালৈকে উক্ত বিষয়া কৰ্মচাৰী দুজনৰ মুক্তি অনিৰ্দিষ্টকাললৈ বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সংগঠনটোৱে ৷
ইয়াৰ বাবে ঘোষক দীক্ষিত শৰ্মা আৰু সাংবাদিক প্ৰণৱ কুমাৰ গগৈ জগৰীয়া হ’ব বুলিও উল্লেখ কৰা হৈছে প্ৰেছ বিবৃতিত ৷
photo: google