শুকুৰবাৰে দৰঙত ৬জন আলফা(স্বাধীন)ৰ কেডাৰ গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
দলত যোগদান কৰাৰ সময়তে কেডাৰ কেইজনক গ্ৰেপ্তাৰ কৰে দৰং আৰক্ষীয়ে।
ধৃত কেডাৰ কেইজনৰ নাম ক্ৰমে খনিন্দ কলিতা, হিৰেন কলিতা, ধৰ্মেন্দ্ৰ ডেকা, বলেন ডেকা, ধ্ৰুৱজ্যোতি বৈশ্য আৰু অসীম অধিকাৰী।
লগতে ঘটনাটোৰ সৈতে জড়িত থকাৰ অভিযোগত আলোচনাপন্থী আলফা সদস্য প্ৰসনা শইকীয়াক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
আৰক্ষীয়ে জনালে যে কেডাৰক দলত যোগদান কৰাত সহযোগ কৰিছিল শইকীয়াই।
Photo: Google