উজনি অসমত আৰক্ষীৰ শীৰ্ষ বিষয়াক টাৰ্গেট আলফা(স্বা)ৰ। চোৰাং চোৱাৰ তথ্য অনুসৰি আলফা(স্বা)ৰ শীৰ্ষ টাৰ্গেট এইবাৰ DIG জিৎমল দলে। এই সন্দৰ্ভত ইতিমধ্যে চোৰাং চোৱাই সতৰ্ক কৰি দিছে অসম আৰক্ষীৰ শীৰ্ষ বিষয়াসকলক। উল্লেখ্য যে, জিৎমল দলেৰ নেতৃত্বত আলফাৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলিছিল উজনি অসমত।
নলবাৰীৰ আৰক্ষী অধীক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়ৰ পৰাই আৰক্ষী বিষয়া জিৎমল দলে কেইবাটাও বিদ্ৰোহী সংগঠনৰ লক্ষ্য হৈ আহিছে। বৰ্তমানৰ চোৰাং চোৱাৰ এই তথ্যই আৰক্ষী প্ৰশাসনক কিছু চিন্তাত পেলাইছে।