দুদিনীয়া ভ্ৰমণসূচীৰে ১৪ ফেব্ৰুৱাৰীত অসমত উপস্থিত হয় কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী আৰু জাপানৰ ৰাষ্ট্ৰদূত ।
সোমবাৰে পুৱা কামাখ্যা মন্দিৰ দৰ্শন কৰি খাৰঘুলিৰ জাইকা পানীযোগান প্ৰকল্প পৰিদৰ্শন কৰে এছ জয়শংকৰ আৰু চাতোশ্বি ছুজুকী ।
প্ৰকল্প পৰিদৰ্শন কৰি জাপানে অসমৰ সৈতে এনে প্ৰকল্পত সহযোগ কৰিবলৈ পায় আনন্দিত বুলি টুইটযোগে মন্তব্য কৰে ৰাষ্ট্ৰদূতগৰাকীয়ে ।
Visited #Guwahati Water Supply project site with @DrSJaishankar. Japan is pleased to support this important project. Clean water will soon flow to the homes in Guwahati #Assam! #JapanIndia #ODA pic.twitter.com/1r3clekzdq
— Satoshi Suzuki (@EOJinIndia) February 15, 2021
সোমবাৰে শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰে এছ জয়শংকৰ আৰু চাতোশ্বি ছুজুকীয়ে ।
এক্ট ইষ্ট পলিচি আৰু ভাৰত-জাপান সহযোগিতা সন্দৰ্ভত ৰাজ্য চৰকাৰৰ লগত আলোচনাত মিলিত হয় এছ জয়শংকৰ আৰু চাতোশ্বি ছুজুকী ।
A foreign policy that makes a difference to the lives of people.
At the JICA-funded Guwahati water supply project site along the Brahmaputra. Reviewing its progress along with the Japanese Ambassador @EOJinIndia pic.twitter.com/unxhaY4AUl
— Dr. S. Jaishankar (@DrSJaishankar) February 15, 2021
অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে আন আন লোকসকল ।
এই অনুষ্ঠানত ভাৰত,ম্যানমাৰ আৰু থাইলেণ্ড সংযোগী ত্ৰিপাক্ষিক হাইৱে প্ৰায় সম্পূৰ্ণ হোৱাৰ কথা উল্লেখ কৰে চন্দ্ৰমোহন পাটোৱাৰীয়ে ।
কলাক্ষেত্ৰৰ এই অনুষ্ঠানত অসমীয়াতে ভাষণ আৰম্ভ কৰে জাপানৰ ৰাষ্ট্ৰদূতগৰাকীয়ে ।
ইফালে, ‘বৈদেশিক পৰিক্ৰমা মন্ত্ৰী আৰু জাপানৰ ৰাষ্ট্ৰদূতগৰাকীৰ এই ভ্ৰমণে অসমত এক নতুন অধ্যায় ৰচনা কৰিব ।
অসমৰ পৰিপ্ৰেক্ষিতত আজিৰ দিনটো ঐতিহাসিক দিন’ বুলি মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই ।
উল্লেখ্য, কামাখ্যা মন্দিৰ দৰ্শন আৰু জাইকা পানীযোগান প্ৰকল্প পৰিদৰ্শন কৰাৰ সময়ত এছ জয়শংকৰ আৰু চাতোশ্বি ছুজুকীক সংগ দিয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্যই ।