• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

গোৱাত অসম আন্দোলনৰ শ্বহীদসকলৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অর্পণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
December 10, 2022
in অসম, ৰাজনীতি
1 min read
0
গোৱাত অসম আন্দোলনৰ শ্বহীদসকলৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অর্পণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
Share on FacebookShare on Twitter

তিনিদিনীয়া ভ্ৰমণসূচীৰে গোৱাত উপস্থিত হোৱা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি শ্বহীদ দিৱস’ উপলক্ষে গোৱাৰ পাঞ্জিমত আয়োজিত স্মৃতি তর্পণ অনুষ্ঠানত অংশগ্ৰহণ কৰে। আছাম ছ’চাইটী অৱ গোৱাৰ সহযোগত অনুষ্ঠিত শ্বহীদ দিৱসৰ অনুষ্ঠানত ভাগ লৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঐতিহাসিক অসম আন্দোলনৰ শ্বহীদ সকলৰ স্মৃতিত শ্বহীদ বেদীত শ্রদ্ধাঞ্জলি অর্পণ কৰে। অনুষ্ঠানত ভাষণ প্ৰসংগত সর্বানন্দ সোণোৱালে কয়, “অসমৰ অস্তিত্ব ৰক্ষাৰ মহাসংগ্ৰামখনত যি সকলে আত্মবলিদান দিলে, সেই সকল চিৰনমস্য সত্তালৈ মোৰ অশ্ৰু-অঞ্জলি যাচিলোঁ। ১৯৭৯ৰ পৰা ১৯৮৫ চনলৈ চলা এই ছয়বছৰীয়া গণ আন্দোলনত মহান শ্বহীদ আৰু অগণন সংগ্রামী জনতাই স্বদেশ-স্বজাতিৰ সুৰক্ষাৰ হকে ত্যাগৰ মাজেৰে অতুলনীয় দেশপ্ৰেম আৰু সাহসৰ অবিস্মৰণীয় ইতিহাস লিখি থৈ গৈছে। অসম আন্দোলন অসমৰ খিলঞ্জীয়া জনগণৰ ঐক্যবদ্ধ প্ৰচেষ্টাৰ এক উজ্জ্বল নিদর্শন। অসমীয়া জাতিক মূৰ তুলি জীয়াই ৰখাৰ স্বাৰ্থত, দেশৰ ভৱিষ্যত আৰু একতা, অখণ্ডতাৰ স্বাৰ্থত অসম আন্দোলনৰ প্ৰভাৱ সুদূৰপ্ৰসাৰী হৈ ৰ’ব।

মৃত্যুঞ্জয়ী শ্বহীদসকলৰ অমৰ ত্যাগে বৃহত্তৰ অসমীয়া জাতিসত্তা আৰু ভাৰতীয় স্বাভিমানক চিৰকাললৈ উজ্জীৱিত আৰু অনুপ্ৰাণিত কৰি থাকিব। সোণোৱালে লগতে কয়, বীৰ শ্বহীদসকলৰ মহৎ আদৰ্শক সাৰোগত কৰি কৰ্মপথাৰত আমি সততা, নিষ্ঠা আৰু দৃঢ়তাৰে কাম কৰি যাব লাগিব। আমি নিজৰ ভাষা-কৃষ্টি, সংস্কৃতি, ঐতিহ্য-পৰম্পৰাক জীয়াই ৰাখিবলৈ জাতীয় দায়িত্ব পালন কৰিব লাগিব। বিশ্বৰ বুকুত ছাত্র আন্দোলনৰ ইতিহাস যদি বিশ্লেষণ কৰা যায়, তেন্তে নিশ্চয়কৈ তাত অসম আন্দোলনৰ যথেষ্ট গুৰুত্ব থাকিব। জাতীয় আৰু ৰাষ্ট্ৰীয় চেতনাৰে উদ্‌বুদ্ধ হৈ দেশ মাতৃৰ সেৱাত নিমজ্জিত হৈ এখন শক্তিশালী ভাৰত তথা অসম গঢ় দিয়াত আগভাগ ল’বলৈ অসমবাসীৰ লগতে বিভিন্ন প্ৰান্তৰ অসমৰ লোকসকলক এই পৱিত্ৰ ক্ষণত আন্তৰিকতাৰে আহ্বান জনালোঁ। অনুষ্ঠানত আছাম ছ’চাইটী অৱ গোৱাৰ বিষয়ববীয়া তথা সদস্য- সদস্যাসকল, গোৱা বন্দৰ প্ৰাধিকৰণ আৰু নিউ মাংগালোৰ বন্দৰ প্ৰাধিকৰণৰ বিষয়ববীয়াসকল প্ৰমুখ্যে বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

Previous Post

গুৱাহাটীৰ কমাৰ্চত পিষ্টল দেখুৱাই মহিলাৰ পৰা কাঢ়ি নিলে চেইন

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

আজি গুজৰাটৰ মুখ্যমন্ত্ৰী ৰূপে শপত ল’ব ভূপেন্দ্ৰ পেটেলে

আজি গুজৰাটৰ মুখ্যমন্ত্ৰী ৰূপে শপত ল'ব ভূপেন্দ্ৰ পেটেলে

সুকলমে উভতিল NASAৰ অৰায়ন কেপছুল

সুকলমে উভতিল NASAৰ অৰায়ন কেপছুল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8