ছয়গাঁওৰ পৰা কুলসি হৈ ভিতৰুৱা পথৰে লোহাৰঘাটৰে পশ্চিম গুৱাহাটীৰ অসম – মেঘালয় সীমান্তৰে বাংলাদেশলৈ সৰবৰাহ কৰা অৱস্থাত শুক্ৰবাৰে পলাশবাৰী আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি এ এছ ০১ জি চি ৫৩১৬ নম্বৰৰ এখন বলেৰো পিক আপ বাহনত পশ্চিম গুৱাহাটীৰ মাটাইখাৰৰ সমীপৰ গাড়ীৰ লিকত আঠোটা গৰু জব্দ কৰা হয়। অৱশ্যে বাহন খন ৰখাই চালকজন কৌশলেৰে পলাই যাবলৈ সক্ষম হয় । সম্প্ৰতি গৰুসহ বাহনখন পলাশবাৰী থানাত ৰখা হৈছে।
উল্লেখযোগ্য মহানগৰীৰ পৰা কিছু নিলগৰ পশ্চিম গুৱাহাটী সমষ্টিৰ অসম মেঘালয় সীমান্তৰ মাটাইখাৰ, উমছুৰ, জিমিৰগাঁও আদি অঞ্চলৰ বিভিন্ন পথৰে দিনৰ পোহৰতে চাৰিচকীয়া লঘু বাহন ঘাইকৈ ডি আই বা পিক আপ ভানৰে প্ৰায় নিয়মীয়াকৈ চোৰাংকৈ মেঘালয় হৈ বাংলাদেশলৈ কেনেকৈ কি পথৰে গৰু সৰবৰাহ হয় সেই বিষয়ে সময়ে সময়ে সংবাদ মাধ্যমত বিতংকৈ প্ৰকাশ পাইছিল ।