সত্তৰ দশকত সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাৰ দ্বাৰা ৰচিত আৰু সুৰাৰোপিত ‘অটোৰিক্সা চলাও আমি দুয়ো ভাই’ শীৰ্ষক গীতটো অতি জনপ্ৰিয় হৈছিল৷ আজিও গীতটো সকলো প্ৰজন্মৰ শ্ৰোতাৰ মাজত জনপ্ৰিয়তা অক্ষুণ্ণ আছে৷ এইচ এম ভিৰ লং প্লেয়িঙ ৰেকৰ্ডযোগে প্ৰস্তুত কৰা গীতটোত কণ্ঠ নিগৰাইছিল ভূপেন হাজৰিকাৰ সৈতে তেওঁৰ ভাতৃ জয়ন্ত হাজৰিকাদেৱে৷ খুব সম্ভৱত এইটোৱে আছিল দুই ভাতৃ কণ্ঠশিল্পীয়ে দ্বৈত কণ্ঠ নিগৰোৱা সৰ্বাধিক জনপ্ৰিয় গীত৷ সুখবৰ যে এই অতি জনপ্ৰিয় গীতটি নতুন প্ৰজন্মৰ এগৰাকী উদীয়মান মিউজিক ভিডিঅ’ পৰিচালক অশোক বৰাই দৃশ্য-শ্ৰাব্য মাধ্যমত সুন্দৰকৈ পৰিচালনা কৰি উলিয়াইছে৷ ভূপেন হাজৰিকাৰ সংগীতৰ গুণমুগ্ধ এগৰাকী ব্যক্তি প্ৰণৱজ্যোতি নেওগৰ প্ৰযোজনা আৰু পৰিকল্পনাৰে গীতটি নিৰ্মিত হৈছে৷ গীতটিৰ অডিঅ’ ৰেকৰ্ডিং আগতে বিশিষ্ট সংগীতজ্ঞ ৰূপম তালুকদাৰৰ সংগীত পৰিচালনাত নতুনকৈ প্ৰস্তুত কৰা হৈছে৷ গীতটিৰ নব্য সংস্কৰণত কণ্ঠ নিগৰাইছে অগতানুগতিক গায়নশৈলীৰে ছ’চিয়েল মিডিয়াত যথেষ্ট জনপ্ৰিয়তা লাভ কৰা উদীয়মান কণ্ঠশিল্পী খনিন্দ্ৰ হাজৰিকাই৷ লগত সহযোগ কৰিছে মেঘদীপে৷
গীতটিৰ ভিডিঅ’ সংস্কৰণ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ দ্বাদশ মৃত্যুবাৰ্ষিকীলৈ শ্ৰদ্ধাঞ্জলি জনাই যোৱা ৫ নৱেম্বৰত গুৱাহাটী প্ৰেছ ক্লাবত আনুষ্ঠানিকভাৱে মুকলি কৰা হয়৷ গীতটি মুকলি কৰা সভাত উপস্থিত থাকে বিশিষ্ট লেখিকা-সাহিত্যিক লীনা শৰ্মা, অসম চৰকাৰৰ পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়া আৰু কণ্ঠশিল্পী ড॰ মৌচুমী চহৰীয়া¸৷ ‘ডিগ্নিটী অব্ লেবাৰ’ [Dignity of Labour] শীৰ্ষক ভিডিঅ’ৰ ক’ভাৰ ছঙৰূপে অভিহিত কৰা গীতটিৰ ভিডিঅ’ পৰিচালনা, শিল্পীসকলৰ অভিনয়, তৰুণ কণ্ঠশিল্পী দুগৰাকীৰ সুন্দৰ গায়কীত আপ্লুত হৈ পৰা বুলি গীতটিৰ উন্মোচক লীনা শৰ্মাই মন্তব্য কৰে৷ উন্মোচনী ভাষণত লীনা শৰ্মাই কয় যে অসমীয়া শিক্ষিত যুৱসমাজক সকলো শ্ৰেণীৰ কৰ্ম কৰিবলৈ, সকলো শ্ৰমকে মৰ্যাদা দিয়াত উদ্বুদ্ধ কৰিবলৈ এই গীতটি ভূপেন হাজৰিকাই ৰচনা কৰিছিল৷ হাজৰিকাই শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলক তেওঁলোকৰ শৈক্ষিক সাফল্যৰ প্ৰতি গুৰুত্ব নিদিয়াকৈ স্ব-নিযুক্তিৰ পথ বিচাৰিবলৈ অনুপ্ৰাণিত কৰিবলৈ চেষ্টা কৰিছিল৷ উল্লেখ্য ভূপেন হাজৰিকাৰ সংগীত পৰিচালনাত ভূপেন হাজৰিকাৰ সৈতে জয়ন্ত হাজৰিকাই কণ্ঠ নিগৰোৱা গীতটি অতি জনপ্ৰিয় হৈছিল৷ আস্থা ক্ৰিয়েশ্যনছৰ বেনাৰত নিৰ্মিত ভিডিঅ’ গীতটিত অভিনয় কৰিছে– অচিন্তৰাজ কাশ্যপ, ৰূপান্তৰ দাস, ৰুণুমী শইকীয়া, বৈদূৰ্য চাংমাই আৰু শিৱৰাজ দেৱনাথে৷ ভিডিঅ’গ্ৰাফী পৃথ্বীৰাজ দত্তৰ৷ ৰুপসজ্জা পিজুমণি শৰ্মাৰ৷ অনাগত দিনতো ভূপেন হাজৰিকাৰ কালজয়ী গীতবোৰ আজিৰ প্ৰজন্মৰ আকৰ্ষণীয়কৈ দৃশ্য-শ্ৰাব্য মাধ্যমত নতুনকৈ সৃষ্টি হওক৷ তৰুণ পৰিচালক সকললৈ এই আহ৩ান থাকিল৷ গানটো সম্প্ৰতি ‘Youtube’ত উপলব্ধ হৈছে৷