নিউজ ডেস্কঃ বিটিচিৰ নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ মাজতে চিৰাঙৰ দত্তপুৰত নিৰ্বাচনী হিংসাত্মক কাৰ্য সংঘটিত হয় ৷ ইউ পি পি এল আৰু বি পি এফৰ কৰ্মীৰ মাজত সংঘটিত হয় এই হিংসাত্মক কাৰ্য ৷ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে শূন্যলৈ গুলী চালনা কৰে ৷ দুই দলৰ সংঘাতত আহত হয় প্ৰিজাইডিং বিষয়া ৷
উল্লেখ্য যে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্ৱে কোকৰাঝাত সংঘটিত হয় এক হিংসাত্মক কাৰ্যকলাপ ৷ ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়ো আৰু ইউ পি পি এলৰ বাওখুংগ্ৰী সমষ্টিৰ প্ৰাৰ্থী প্ৰতীভা ব্ৰহ্মৰ গাড়ীত ডাঙৰ ডাঙৰ শিল আৰু কাঠৰ কুণ্ডাৰে আক্ৰমণ কৰে অচিনাক্ত দুৰ্বৃত্তই ৷ অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণত কথমপি প্ৰাণ ৰক্ষা পৰে প্ৰমোদ বড়ো আৰু ইউ পি পি এলৰ প্ৰাৰ্থী প্ৰতীভা ব্ৰহ্মৰ।
সেই অনুসৰি বিটিচিৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত পৰ্যাপ্ত সূৰক্ষা প্ৰদান কৰা পিছতো দেখা পোৱা গ’ল দুই ৰাজনৈতিক দলৰ কৰ্মীৰ মাজত হিংসাত্মক কাৰ্যকলাপ ৷