গুৱাহাটী বিশ্ববিদ্যালয় দূৰ আৰু অনলাইন শিক্ষা কেন্দ্ৰৰ অধীনস্থ বিদ্যাৰ্থী সহায়ক কেন্দ্ৰ সমূহৰ অন্যতম গুৱাহাটীৰ আইকণ বানিজ্য মহাবিদ্যালয় কেন্দ্ৰত চলিত ষান্মাসিকৰ নামভৰ্তিকৰণ চলি আছে। উক্ত কেন্দ্ৰটোৰ নামভৰ্তিকৰণ সম্পৰ্কে বুজ লবলৈ শনিবাৰে উপস্থিত হয় গুৱাহাটী বিশ্ববিদ্যালয় দূৰ আৰু অনলাইন শিক্ষা কেন্দ্ৰৰ সঞ্চালক ডঃ দেৱহৰি তালুকদাৰ।
কেন্দ্ৰটোত অসমীয়া, ইংৰাজী, ৰাজনীতি বিজ্ঞান, শিক্ষা আৰু বাণিজ্য বিষয়ত স্নাতকোত্তৰ পাঠ্যক্ৰমৰ নামভৰ্তিকৰণৰ বাবে কেন্দ্ৰটোৰ সমন্বয়ক আৰু মহাবিদ্যালয়খনৰ অধ্যক্ষই বিদ্যাৰ্থীৰ সহায়ৰ বাবে সকলো প্ৰকাৰৰ ব্যৱস্থা গ্ৰহণ কৰা বুলি সঞ্চালকৰ আগত প্ৰকাশ কৰে। পৰিদৰ্শন কালত মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ মন্দিৰা সাহা, শৈক্ষিক উপদেষ্টা ডঃ নিলাঞ্জন ভট্টাচাৰ্য্য, কেন্দ্ৰটোৰ সমন্বয়ক পংকজ শৰ্মা প্ৰমুখ্যে শিক্ষক গোটৰ আন কিছু শিক্ষক কৰ্মচাৰীৰ সৈতে কেতবোৰ শৈক্ষিক বিষয় সম্বন্ধে সঞ্চালকগৰাকীয়ে মত – বিনিময় কৰে।