ভাৰতৰ স্বাধীনতা আন্দোলনৰ ইতিহাসত এক উল্লেখনীয় ঘটনা হিচাপে পৰিগণিত হোৱা আৰু ইংৰাজ তথা ব্ৰিটিছ শাসকৰ বৰ্বৰতাৰ অন্যতম সাক্ষী পাঞ্জাবৰ জালিয়ানাবাগৰ হত্যাকাণ্ডৰ ঘটনাই যুগে যুগে দেশবাসীক বৃটিছৰ বৰ্বৰতাৰ ইতিহাস সোঁৱৰাই যাব। ১৯১৯ চনৰ ১৩ এপ্ৰিলৰ দিনা সংঘটিত হৈছিল ভাৰতৰ স্বাধীনতা আন্দোলনৰ ইতিহাসক জোঁকাৰি যোৱা জালিয়ানাবাগৰ হত্যাকাণ্ড। আনহাতে স্বাধীনতা আন্দোলনৰ সেনানী সকলৰ ত্যাগ, বীৰত্ব আদি যাতে দেশবাসীৰ নতুন প্ৰজন্মৰ মাজত সজীৱ হৈ থাকে আৰু জালিয়ানাবাগৰ হত্যাকাণ্ডৰ স্মৃতি যাতে পাহৰণিৰ গৰ্ভলৈ নাযায় তাৰ বাবে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নিৰাপত্তাৰ দায়িত্বত নিয়োজিত কেন্দ্ৰীয় উদ্যোগিক সুৰক্ষা বাহিনী (চি আই এছ এফ) ৰ উদ্যোগত ১৩ এপ্ৰিলত বিমানবন্দৰৰ সন্মুখত জালিয়ানাবাগ হত্যাকাণ্ডৰ এটা চুটি দৃশ্য প্ৰদৰ্শন কৰা হয়৷ আনহাতে এই উপলক্ষে বিমানবন্দৰ কৰ্তৃপক্ষৰ সহযোগত অনুষ্ঠিত কাৰ্যসূচীৰ আৰম্ভণিতে জালিয়ানাবাগৰ হত্যাকাণ্ডত প্ৰাণ হেৰুওৱা শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনাই এখন সৰু নাটক প্ৰদৰ্শন কৰা হয় । ব্ৰিটিছ সৈন্যই জালিয়ানাবাগত নিৰস্ত্ৰ জনতাৰ ওপৰত কিদৰে নিৰ্মম ভাবে গুলীচালনা কৰিছিল তাক প্ৰদৰ্শন কৰা হয়। কাৰ্যসূচীত বৰঝাৰ বিমানবন্দৰৰ মুখ্য বিমানকোঠ বিষয়া উৎপল বৰুৱা, চি আই এছ এফৰ গুৱাহাটী গ্ৰুপৰ উপ মহা পৰিদৰ্শক ডঃ হৰি ওম গান্ধীয়ে ভাগ লৈ চমু ভাষণ প্ৰদান কৰে।
ভাষণত ডঃ গান্ধীয়ে কয়, আজি গুৱাহাটী বিমানবন্দৰত চি আই এচ এফৰ উদ্যোগত ১৩ এপ্ৰিলত ১৯১৯ চনত সংঘটিত হোৱা জালিৱানাবাগ হত্যাকাণ্ডৰ এখন সৰু নাটক প্ৰদৰ্শন কৰিবলৈ পাই আমাৰ বাহিনীটো ধন্য হৈছে। এই ঘটনাই যুগে যুগে দেশবাসীক স্বাধীনতা আন্দোলনৰ সেনানী সকলৰ বীৰত্বক সোঁৱৰাই যাব ৷ ইংৰাজ সকলে কিদৰে অতি নিষ্ঠুৰভাৱে আমাৰ দেশৰ নিৰস্ত্ৰ নাগৰিকৰ ওপৰত গুলীচালনা কৰিছিল, তাৰ আংশিক দৃশ্য আমি নাটকৰ দ্বাৰা দেখুৱাবলৈ যত্ন কৰিছোঁ৷ তেনেদৰে মুখ্য বিমানকোঠ বিষয়া উৎপল বৰুৱাই কয়, বিহুৰ আনন্দৰ লগত সংগতি ৰাখি, ১৯১৯ চনৰ ১৩ এপ্ৰিল দিনটোতে সংঘটিত হোৱা জালিৱানাবাগৰ সেই লোমহৰ্ষক হত্যাকাণ্ডৰ দিনটোত শ্বহীদ হোৱা বীৰসকল আমি শ্ৰদ্ধাৰে সোঁৱৰিছো৷ এই ধৰণৰ কাৰ্য্য সদায় সকলো স্তৰতে হ’ব লাগে যাতে আমি দেশৰ মহান ইতিহাস আৰু স্বাধীনতা সংগ্ৰামৰ শ্বহীদসকলক স্বাধীন দেশৰ নাগৰিক সকলক সোঁৱৰাই থাকিব পাৰোঁ।”