মহানগৰীৰ পশ্চিম প্ৰান্তৰ আজাৰা থানাৰ অন্তৰ্গত খানামুখ নোৱাপাৰাত কিছুদিন পূৰ্বে খানা নদীৰ গাৰ্ডৱাল হঠাতে খহি পৰাত ৰাইজৰ মাজত আতংকই বিৰাজ কৰিছিল। আনকি আৰু অলপ খহি গলে যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰাৰ উপক্ৰম হোৱাত ৰাইজে ততালিকে বিষয়টো অসম চৰকাৰৰ জলসম্পদ বিভাগৰ কামৰূপ মহানগৰ জিলা সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাক অৱগত কৰে। কাৰ্যবাহী অভিযন্তা গৰাকীয়ে তাৰ পাছদিনাই দায়িত্ববাহী গুৱাহাটী চেণ্ট্ৰেল – নিউ গুৱাহাটী উপ সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা গৰাকীৰ সৈতে ঘটনাস্থলী পৰিদৰ্শন কৰে। তাৰ দুদিনৰ ভিতৰতে খহি যোৱা প্ৰায় ১০ মিটাৰ অংশ বাঁহৰ বেৰ আৰু মাটিৰ বস্তাৰে মেৰামতি কৰি নতুনকৈ যাতে পুনৰ খহি যাব নোৱাৰে তাৰ বাবে অস্থায়ী তথা সাময়িকভাৱে ব্যৱস্থা গ্ৰহণ কৰে।
গুৱাহাটী চেণ্ট্ৰেল – নিউ গুৱাহাটী উপ সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা তপন কলিতাই জানিবলৈ দিয়া মতে সম্প্রতি অস্থায়ী ভাৱে মেৰামতি কৰি যাতায়াত ব্যৱস্থা বাহাল ৰখাৰ ব্যৱস্থা কৰা হৈছে। কিন্তু অহা খৰালী কালত ভাগি যোৱা গাৰ্ড ৱালৰ অংশখিনী নতুনকৈ নিৰ্মাণ কৰা হব। উল্লেখ্য যে ঐতিহাসিক খানা নৈখনৰ দুয়োটা পাৰ খহনীয়াৰ কবলত পৰা হেতুকে জলসম্পদ বিভাগে গাৰ্ডৱাল দিয়াৰ ব্যৱস্থা অব্যাহত ৰাখিছে। বিগত প্ৰায় ১৫ বছৰ পূৰ্বে ১৭ নং ৰা শেহতীয়া ভাবে খানামুখ নোৱাপাৰাৰ খানা নৈৰ বিপৰীত দিশত আছে ফুকনৰ পাৰ। ফুকনৰ পাৰৰ এটা পৰিয়ালৰ খানা নৈৰ দাঁতিতে আছে এজোপা বৃহৎ বাঁহ গছ। বিগত সময়ত আহি থকা বৰষুণৰ প্ৰকোপত খানা নৈৰ দাঁতিত থকা বৃহৎ বাঁহ জোপা কিছুদিন পূৰ্বে খানা নৈৰ ওপৰত উভালি পৰে । বাঁহ জোপা উভালি পৰাৰ লগে-লগে খানা নৈৰ ব্ৰহ্মপুত্ৰ অভিমুখী পানী প্ৰবহণৰ গতি সংকুচিত হৈ পৰে । যাৰ ফলত পানী প্ৰবহণৰ খুন্দা গাৰ্ডৱালত প্ৰত্যক্ষ ভাবে জোৰেৰে পৰি থকা হেতুকে গাৰ্ডৱালখনৰ প্ৰায় ১০ মিটাৰ অংশ ভাগি গৈছিল।