সৰ্বানন্দ সোণোৱালৰ দায়িত্ববাহী কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে স্বচ্ছতা আৰু কাম-কাজৰ ৰূপায়ণ দ্ৰুত কৰাৰ বাবে বিশেষ অভিযান ৪.০ৰ শুভাৰম্ভণি কৰিছে। অমীমাংসিত বিভিন্ন কাম ক্ষিপ্ৰতাৰে সমাপন কৰাত সোণোৱালে গুৰুত্ব আৰোপ কৰাৰ ফলত মন্ত্ৰালয়টোৰ কৰ্মদক্ষতা যথেষ্ট বৃদ্ধি পাইছে আৰু দেশৰ সামুদ্ৰিক খণ্ডৰ লগতে বন্দৰ, জাহাজ, জলপথ খণ্ডক এক নতুন গতি দিছে। তদুপৰি সেউজকৰণ আৰু স্বচ্ছতাকো বিশেষ অগ্ৰাধিকাৰ দিয়া হৈছে।
ভাৰত চৰকাৰৰ বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে ইয়াৰ অংশীদাৰসকলৰ সহযোগত ২ অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈ বিশেষ অভিযান ৪.০ ৰূপায়ণ কৰি আছে। অমীমাংসিত ৰেকৰ্ডৰ এক বিস্তৃত সমীক্ষা চলাই সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত মন্ত্ৰালয়টোৱে ইয়াৰ সমাধানৰ বাবে তৎপৰতাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। শেহতীয়াকৈ ৪৫,০০০ৰো অধিক মজুত ফাইলৰ পুনৰীক্ষণ কৰা হৈছে। তদুপৰি ১,৫০০ ই-ফাইলৰো পুনৰীক্ষণ কৰা হৈছে, ৪,০০০তকৈও অধিক ফাইল বন্ধ কৰা হৈছে আৰু প্ৰায় ৭,০০০ বৰ্গফুট কাৰ্যালয়ৰ স্থান এতিয়ালৈকে মুক্ত কৰা হৈছে। এই অভিযানৰ অধীনত স্ক্ৰেপ নিষ্কাশনৰ জৰিয়তে ৪২.৮৩ লাখ টকাও উপাৰ্জন কৰিছে। এই প্ৰচেষ্টাবোৰ দক্ষতা উন্নত কৰা আৰু এক পৰিষ্কাৰ তথা অধিক সুসংগঠিত কামৰ পৰিৱেশ সুনিশ্চিত কৰাৰ বাবে মন্ত্ৰালয়ৰ চলিত প্ৰতিশ্ৰুতিৰ অংশ বুলি সোণোৱালে উল্লেখ কৰে। সোণোৱালে কয় যে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ক অধিক কাৰ্যক্ষম তথা স্বচ্ছ কৰাৰ বাবে নিৰন্তৰ ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে।
পূৰ্বৱৰ্তী সংস্কৰণ, বিশেষ অভিযান ৩.০-ৰ ফলস্বৰূপে ২,১২,০০০তকৈও অধিক ফাইলৰ পুনৰীক্ষণ কৰা হৈছিল, ২৮,০০০ ফাইল অপসাৰণ কৰা হৈছিল আৰু ১,১৮,০০০ ই-ফাইল বন্ধ কৰা হৈছিল। ইয়াৰ উপৰিও, স্ক্ৰেপ নিষ্কাশনৰ জৰিয়তে ২১.২৫ কোটি টকাৰ ৰাজহ উপাৰ্জন কৰা হৈছিল আৰু প্ৰায় ৭২,০০০ বৰ্গফুট কাৰ্যালয়ৰ স্থান পৰিষ্কাৰ কৰা হৈছিল। সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত মন্ত্ৰালয়ে এই অভিযানৰ সফল ৰূপায়ণ নিশ্চিত কৰিবলৈ বিশেষ অভিযান ৪.০ৰ অগ্ৰগতি নিয়মীয়াকৈ পৰ্যালোচনা কৰি আছে।