“মহামানৱ মহাত্মা গান্ধীৰ আদৰ্শ আৰু আহ্বানক সাৰোগত কৰি ভাৰতীয় গণতন্ত্ৰৰ প্ৰমূল্যবোধক আমি সকলোৱে ঐক্যবদ্ধভাৱে আগুৱাই নিব লাগিব। ভাৰতৰ সৌন্দৰ্য লুকাই আছে ইয়াৰ বৰ্ণাঢ্য, বৈচিত্ৰময় গণতান্ত্ৰিক প্ৰমূল্যবোধৰ মাজত। বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰক শক্তিশালী কৰাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সুশাসন ব্যৱস্থা শক্তিশালী কৰি আহিছে আৰু বিকশিত ভাৰতৰ অনিৰুদ্ধ যাত্ৰাক এক নতুন গতি দিছে। দেশৰ অমৃতকালত আত্মনিৰ্ভৰশীলতাৰ সপোন পৰিপূৰ্ণ কৰাৰ বাবে আমি প্ৰতিজন ভাৰতীয়ই আগভাগ ল’ব লাগিব আৰু মহাত্মা গান্ধীৰ আদৰ্শেৰে মোদী ডাঙৰীয়াৰ দূৰদৰ্শী দৃষ্টিভংগীক বাস্তৱায়িত কৰি তুলিব লাগিব।”- কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৃহস্পতিবাৰে স্বচ্ছতাই সেৱা কাৰ্যসূচীত ভাগ লৈ এইদৰে উল্লেখ কৰে। কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালে মাৰ্ঘেৰিটাত ‘স্বচ্ছতাই সেৱা’ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি চাফাই অভিযানত অংশগ্ৰহণ কৰে। নেতাজী সুভাষচন্দ্ৰ বসুৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণেৰে সৰ্বানন্দ সোণোৱালে শুভাৰম্ভণি কৰা এই অনুষ্ঠান তথা পদযাত্ৰাত স্থানীয় বিধায়ক ভাস্কৰ শৰ্মা, মাৰ্ঘেৰিটা পৌৰসভাৰ পৌৰপতি আনন্দ শৰ্মা, পৌৰসভাৰ অন্যান্য জনপ্ৰতিনিধিসকল, ভাৰতীয় জনতা পাৰ্টিৰ উৎসাহী কাৰ্যকৰ্তাসকল, চাফাই কৰ্মী প্ৰমুখ্যে স্থানীয় জনসাধাৰণে অংশগ্ৰহণ কৰে। যোৱা ১৭ ছেপ্টেম্বৰৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ সবল পদক্ষেপেৰে দেশজুৰি আৰম্ভ হোৱা সেৱা পখৱাড়া অহা ২ অক্টোবৰলৈ চলিব। ইয়াৰ অধীনত বিভিন্ন সেৱামূলক কাৰ্যসূচীৰ লগতে স্বচ্ছতা কাৰ্যসূচীকো সামৰি লোৱা হৈছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে চাফাই অভিযানত অংশ লোৱাৰ উপৰি শ্বহীদ বেদী পৰিষ্কাৰ কৰি সেৱা জনায়, গছপুলি ৰোপণ কৰে, স্থানীয় দোকানী আৰু চাফাই কৰ্মীৰ সৈতে মত বিনিময় কৰে।
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি কয়, “পৰিষ্কাৰ-পৰিচ্ছন্নতাই ঈশ্বৰ পৰায়ণতা। মহামানৱ মহাত্মা গান্ধীয়ে দেশবাসীক স্বাধীনতাৰ শ্ল’গানৰ লগতে স্বচ্ছতাৰ শ্ল’গানেৰেও উদ্বুদ্ধ কৰিছিল। এখন স্বচ্ছ ৰাষ্ট্ৰ – সেই দেশৰ নাগৰিকৰ মানসিকতাৰ প্ৰতিফলন। সেয়েহে স্বচ্ছতাক আমি দৈনন্দিন জীৱনৰ অভিন্ন অংগ হিচাপে আঁকোৱালি ল’ব লাগে আৰু স্বচ্ছতাৰ জৰিয়তে ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাক সবল ৰূপ প্ৰদান কৰিব লাগে। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ২০১৪ চনত শাসনভাৰ লোৱাৰ পৰাই স্বচ্ছ ভাৰত অভিযানৰ জৰিয়তে এক নতুন আলোড়নৰ সূচনা কৰি আহিছে। সমগ্ৰ দেশতে স্বচ্ছতাৰ কাৰ্যসূচীৰ সফল ৰূপায়ণেৰে মহাত্মা গান্ধীৰ আদৰ্শ আৰু আহ্বানক মোদী ডাঙৰীয়াই উচিত মূল্যায়ন কৰিছে। আমি সকলোৱে মিলি আমাৰ সমাজক, ৰাজ্যখনক, দেশখনক সদায়েই স্বচ্ছ কৰি ৰাখি বিশ্ববাসীলৈ আৰু লগতে আমাৰ নতুন প্ৰজন্মলৈ যোগাত্মক বাৰ্তা প্ৰেৰণ কৰিব লাগিব। গান্ধী জয়ন্তীৰ সৈতে সংগতি ৰাখি স্বচ্ছতাই সেৱা কাৰ্যসূচীত পূৰ্ণোদ্যমে ভাগ ল’বলৈ সৰ্বস্তৰৰ ৰাইজক মই আন্তৰিকতাৰে আহ্বান জনালোঁ।”
তদুপৰি সোণোৱালে আজি মাৰ্ঘেৰিটা পৌৰসভাৰ পদেন সদস্য হিচাপে শপতগ্ৰহণ কৰে আৰু এখন উন্নত, স্বচ্ছ তথা উপযুক্ত সুবিধা, ব্যৱস্থাপনাসম্পন্ন মাৰ্ঘেৰিটা গঢ়ি তোলাৰ দিশত ঐক্যবদ্ধ সংকল্প দোহাৰে। আনহাতে মাকুমত আয়োজিত ভাৰতীয় জনতা পাৰ্টিৰ ‘সদস্যতা অভিযান’ত আজি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে। সোণোৱালৰ উপস্থিতিত বহু সংখ্যক লোকে আজি বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰে।
সোণোৱালে ভাষণ প্ৰসংগত কয়, “বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টিৰ নীতি-আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ হাজাৰ হাজাৰ লোকে আমাৰ দলৰ সৈতে সংযুক্ত হৈছে। ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক নতুন সশক্তিকৰণৰ লক্ষ্যৰে দেশজুৰি ৰূপায়িত হৈছে ‘সদস্যতা অভিযান ২০২৪’। বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দলটোত যোগদান কৰিবলৈ ৮৮ ০০ ০০ ২০২৪-ত মিছ্ড কল দিয়ক। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু ভাৰতীয় জনতা পাৰ্টিৰ মাননীয় ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নড্ডা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক বিস্তাৰে এক নতুন শিখৰত উপনীত হৈছে আৰু দলটোৱে দেশৰ সকলো প্ৰান্তৰ সকলো শ্ৰেণীৰ লোককে সামৰি ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাক সুদৃঢ় কৰিছে। এই অভিযানৰ অংশ হিচাপে দলীয় নেতৃবৃন্দই ডিব্ৰুগড়কে ধৰি অসমৰ ১০খন জিলাৰ তদাৰকৰ দায়িত্ব মোক অৰ্পণ কৰিছে। দলীয় সতীৰ্থ তথা কাৰ্যকৰ্তাসকলৰ সহযোগত এই দায়িত্ব আমি নিষ্ঠাৰে পালন কৰি যাম। ইতিমধ্যে এই সমগ্ৰ অঞ্চলত সদস্যতা অভিযানে ক্ষিপ্ৰতাৰে অসংখ্য লোকক সামৰি লৈছে আৰু বহু সংখ্যক লোকে আমাৰ দলত যোগদান কৰিছে। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত এখন বিকশিত আৰু সমৃদ্ধিশালী ভাৰত গঢ়াৰ দিশত জনসংযোগ বৃদ্ধিৰে দলত ন ন সদস্য ভৰ্তিৰ অভিযান তীব্ৰতৰ কৰি তুলিবলৈ সকলোকে আহ্বান জনালোঁ।”
এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক পুলক গোহাঁই, অসম পেট্ৰ’-কেমিকেলছ্ লিমিটেডৰ অধ্যক্ষ তথা দলৰ ৰাজ্যিক সম্পাদক বিকুল ডেকা, তিনিচুকীয়া জিলা বিজেপিৰ সভাপতি কুশকান্ত বৰা, তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ কাজল গোহাঁই, মৰাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য অৰুণজ্যোতি মৰাণ প্ৰমুখ্যে অন্যান্য বিষয়ববীয়াসকল তথা কাৰ্যকৰ্তাসকল।