নিউজ ডেস্কঃ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নির্দেশমর্মে বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদৰ বিধানসভাত সম্পন্ন হোৱা আস্থা ভোটত পৰাজিত হোৱাৰ পাছত পুনৰ আইনৰ কাষ চপাৰ হুংকাৰ দি মহিলাৰীয়ে বি পি এফেই পৰিষদীয় চৰকাৰ গঠন কৰিব বুলি দাবী কৰিছে৷ অকল সেয়াই নহয়, কালি বিটিচি বিধানসভাত আস্থা ভোটগ্রহণ প্রক্রিয়া অনুষ্ঠিত নোহোৱা বুলিও দাবী কৰিছে মহিলাৰীয়ে ৷ প্র’টেম অধ্যক্ষ কাতিৰাম বড়ো আৰু ইউ পি পি এল–বিজেপি–জি এছ পিৰ ভূমিকাক সমালোচনা কৰি বি পি এফৰ সভাপতিজনে কয় যে তেওঁলোকে (ইউ পি পি এল–বিজেপি–জি এছ পি) অধ্যক্ষ বাছনি কৰাৰ কথা কৈছিল ৷ কিন্তু বিপিএফে তাৰ বিৰোধিতা কৰিছিল ৷কাৰণ চৰকাৰেই হোৱা নাই, কেনেকৈ অধ্যক্ষ বাছনি হ’ব৷ প্রথমতে সংখ্যাগৰিষ্ঠতা দেখাব লাগিব৷ যিয়ে সংখ্যাগৰিষ্ঠতা দেখাব পাৰে, সিয়ে অধ্যক্ষ আৰু উপাধ্যক্ষ বাছনি কৰিব৷ আমি কৈছিলোঁ– প্র’টেম অধ্যক্ষৰ যোগেদি আগতেই ফ্ল’ৰ টেষ্ট হ’ব লাগে৷ কিন্তু প্র’টেম অধ্যক্ষই বিপিএফৰ কথা মনা নাই৷ শেষত সদনত কি হ’ল, কি নহ’ল বিপিএফে গমেই নাপালে ৷ প্র’টেম অধ্যক্ষই চকী এৰি গুচি গ’ল৷ সেইদৰে ইউ পি পি এল আৰু বিজেপিৰ সদস্যসকলেও গুচি গ’ল৷ বিপিএফে প্রার্থিত্বই প্রদান কৰিব নোৱাৰিলে ৷ কেনেকৈ কি হৈছে, বিপিএফে একো গম পোৱা নাই৷ বিপিএফৰ সদস্য তেতিয়াও সদনৰ ভিতৰতে আছিল, যোৱা নাছিল৷ বিপিএফ আশাবাদী– প্র’টেম অধ্যক্ষৰ যোগেদি যি আস্থা ভোট হ’ব লাগে, সেইটো হওক৷ যেতিয়া ফ্ল’ৰ টেষ্টৰ কথা হৈছে, তেতিয়া বিপিএফে হাত দঙাৰ প্রক্রিয়া নালাগে বুলি বিৰোধ কৰিছিল ৷ বিপিএফক লাগে গোপন বেলট ৷ কিন্তু বিপিএফৰ কথা মনা নাই৷ এতিয়া বিপিএফ আইনগতভাৱে যাবই লাগিব ৷ বিপিএফ হাইক’টলৈ যাব ৷ ইয়াক প্রত্যাহ্বান জনাব লাগিব ৷ চৰকাৰ বিপিএফে বনাব ৷ প্র’টেম অধ্যক্ষ কাতিৰাম বড়োৱে আৰম্ভণিৰে পৰা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নির্দেশ নামানি ভুল কৰাৰো হাগ্ৰামাই গুৰুতৰ অভিযোগ উত্থাপন কৰে৷
এই সন্দর্ভত মহিলাৰীয়ে কালি হৈ যোৱা আস্থা ভোটগ্রহণৰ কথা এনেদৰে কয় যে “প্র’টেম অধ্যক্ষই সদনলৈ অহাত আমি সকলোৱে থিয় হৈ তেওঁক সন্মান জনাইছিলোঁ৷ তেওঁ আমাক বহিব দিলে আৰু নিজেও বহিল৷ আমি বহি থকা সময়তে ৰাষ্ট্রীয় সংগীত বজাই দিলে৷ যাৰ বাবে পুনৰ থিয় হ’ব লগা হ’ল৷ প্র’টেম অধ্যক্ষই এইটো কৰিব নালাগিছিল৷ আমি প্রথমতে থিয় হৈ থাকোঁতেই ৰাষ্ট্রীয় সংগীত বজাব লাগিছিল৷ তদুপৰি পাৰিষদসকলৰ শপতগ্রহণ প্রক্রিয়া নামৰ আদ্য আখৰ অনুযায়ী হ’ব লাগিছিল৷ কিন্তু সেইবোৰ নহ’ল৷ প্র’টেম অধ্যক্ষই মুখ্য কার্যবাহী সদস্য, উপ–মুখ্য কার্যবাহী সদস্য–কার্যবাহী সদস্যসকলৰ পৰা শপতগ্রহণ প্রক্রিয়া আৰম্ভ কৰিলে৷ সেয়েহে আমি আইনী পথত যাম, যাবই লাগিব৷ ইয়াত কোনো চিন্তা নাই৷ ইতিমধ্যে প্র’টেম অধ্যক্ষ কাতিৰাম বড়োৱে আস্থা ভোটগ্রহণ প্রক্রিয়া সম্পন্ন হোৱাৰ কথা ঘোষণা কৰাৰ বিষয়ে সাংবাদিকে উনুকিয়াই দিয়াত তেওঁ তাৎক্ষণিকভাৱে সেয়া নস্যাৎ কৰে৷ সেই সন্দর্ভত মহিলাৰীৰ স্পষ্ট মন্তব্য আছিল এনেধৰণৰ– নাই নাই, হোৱা নাই, কেনেকৈ ঘোষণা কৰিব৷ সদনৰ ভিতৰতো কোৱা নাই৷ আমিতো শুনা নাই৷ নিজে বনাই ল’লে হ’ব নেকি৷ প্র’টেম অধ্যক্ষই সদন স্থগিত কৰি গ’ল, আমি সেইটোও নাজানো৷ গোটেই প্রক্রিয়াটো অসম্পূর্ণ কৰি তেওঁ গুচি গ’ল৷ সদনৰ কার্যক্রমণিকা শেষেই হোৱা নাই আৰু কার্যসূচী আছে৷ মুঠতে আমি গোটেই প্রক্রিয়াটোৰ ওপৰত, বিশেষকৈ আজি প্র’টেম অধ্যক্ষই যিখিনি কৰিলে, আমি ন্যায়ালয়ৰ দ্বাৰস্থ ৷ ৷
উল্লেখ্য, হাগ্ৰামাই কেৱল এইক্ষেত্রত উচ্চ ন্যায়ালয়ৰ দোহাই দিয়ে ৷ আৰু পুনৰ উচ্চ ন্যায়ালয়লৈ হাগ্ৰামা যাব আৰু বিটিআৰত চৰকাৰ গঠন হাগ্রামা কৰিব ৷