হেডলাইড৮ বিশেষঃ প্ৰসংগ জেইই মেইন পৰীক্ষাত টকাৰ বিনিময়ত শীৰ্ষ স্থান লাভ কৰা এজন ছাত্ৰৰ কাণ্ডকলৈ তোলপাৰ লাগিছে ৰাজ্য।
কি ভুলৰ কাৰণে ধৰা পৰিল নীল নক্ষত্ৰ দাস নামৰ ছাত্ৰ গৰাকী।
পৰীক্ষাত অভাৱনীয় সাফল্য লাভ কৰাৰ পিছত এজন বন্ধুৰ আগত কি কৈছিল চিকিৎসক পুত্ৰই সমগ্ৰ কেলেংকাৰী বিষয়ে নিৰ্ভয়ে অৱগত কৰিছিল। বন্ধুৰ আগত দিয়া টেলিফোনিক বাৰ্তালাপত ২০লাখ টকাৰে সফলতা ক্ৰয় কৰাৰ কথা স্বীকাৰ কৰিছিল ছাত্ৰজনে।
কেনেকৈ পোহৰলৈ আহিছিল ঘটনাটো?
প্ৰতিৱেশী মিত্ৰদেৱ শৰ্মাই এই ঘটনাটোৰ বিষয়ে প্ৰথমে আজাৰা আৰক্ষী থানাত অৱগত কৰে৷ তেওঁ ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰীক্ষা সমিতিকো এই ভয়ংকৰ কাণ্ডৰ বিষয়ে অৱগত কৰিছে। শৰ্মাৰ গোচৰৰ পিছতে মহানগৰ আৰক্ষীয়ে তৎপৰতাৰে ব্যৱস্থা লৈ অনুসন্ধান আৰু তদন্ত চলাই ৫জনক গ্ৰেপ্তাৰ কৰে। অতি তাৎপৰ্যপূৰ্ণ যে নীল নক্ষত্ৰ দাসৰ মাতৃও মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ চিকিৎসক।
কেৱল ধনবলৰ বাবেই এই ধাৰণাৰে পুত্ৰৰ কেৰিয়াৰ গঢ়াৰ পৰিকল্পনা কৰি ৰঙাঘৰত সোমাল মহানগৰীৰ এজন বিশিষ্ট স্ত্ৰীৰোগ বিশেষজ্ঞ। জেইই (মেইন)ত পুত্ৰক ২০ লাখ টকাৰ বিনিময়ত পৰীক্ষাত নবহাকৈ উত্তীৰ্ণ কৰোৱা মহানগৰীৰ বিশিষ্ট চিকিৎসক জ্যোতিৰ্ময় দাস সহ ৫ জনক গ্ৰেপ্তাৰ কৰিছে মহানগৰ আৰক্ষীয়ে। যোৱা ২৩ অক্টোবৰত আজাৰা থানাত মিত্ৰদেৱ শৰ্মাই ৰুজু কৰা ৬২৪/২০২০ নম্বৰৰ এক গোচৰত মুঠ ৫জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ ভিতৰত আছে ডাউন টাউনৰ স্ত্ৰী ৰোগ বিশেষজ্ঞ চিকিৎসক ডাঃ জ্যোতিৰ্ময় দাস, তেওঁৰ পুত্ৰ নীল নক্ষত্ৰ দাস, হেমেন্দ্ৰ নাথ শৰ্মা, প্ৰাঞ্জল কলিতা আৰু তিৰুকমল পাঠক। ঘটনাটৰ লগত কোন কোন জড়িত সেয়া আৰক্ষীৰ তদন্তৰ প্ৰতিবেদনত পোহৰলৈ আহিব।