নিউজ ডেস্কঃ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই নিজৰ দলটোক কৰা সমালোচনাৰ বাবে শেহতীয়াকৈ বিতৰ্কলৈ আহিছিল ৷
যাৰ বাবে ৰাইজ সম্পূৰ্ণভাৱে নিশ্চিত আছিল যে ৰিপুন বৰা বিধানসভাৰ নিৰ্বাচনৰ আগতে কংগ্ৰেছ দলক পিঠি দি বিজেপি-ত যোগদান কৰিব ৷
কিন্তু সেয়াও এক প্ৰহেলিকাৰ দৰে হৈ ৰ’ল ৷
আজি পুনৰ ৰাজীৱ ভৱনত সংবাদ মেল অনুষ্ঠিত কৰি ৰিপুন বৰাই অমিত শ্বাহক উভতি ধৰে ৷
দৰাচলতে ৰিপুন বৰাৰ হৈছে কি ?
আজি যদি বিজেপিক সমালোচনা কৰিছে ,আকৌ কাইলৈ নিজৰ দলটোকো সমালোচনাৰ পৰা হাত সাৰি যাবলৈ দিয়া নাই ৷
বৰং বৰাই নিজে নিজৰ দলটোক সমালোচনাৰ আঁত ধৰিছে ৷
বিধানসভাৰ নিৰ্বাচনৰ আগমুহূৰ্তত ৰিপুন বৰাৰ এই আচৰণে সম্প্ৰতি অসমৰ ৰাজনৈতিক পথাৰখনত এক বিভ্ৰান্তিৰহে সৃষ্টি কৰি তোলা নাইনে ?
তৰুণ গগৈৰ অনুপস্থিতিত আৰু দলটোত যি গৰাখহনীয়াৰ সৃষ্টি হৈছে,
নেতাগৰাকীৰ এনেধৰণৰ মন্তব্যই অসমৰ বিৰোধী দল কংগ্ৰেছক আৰু অধিক দুৰ্বল কৰা নাইনে ?
দৰাচলতে কংগ্ৰেছী নেতাগৰাকীৰ নেতৃত্বৰ অভাৱ ঘটিছে নেকি ?
প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈয়ে পিতৃৰ মৃত্যুৰ পিছত ৰিপুন বৰাক গুৰুত্ব নিদিয়া হ’ল নেকি !
যাৰ পৰিপ্ৰেক্ষিতত নেতাগৰাকীয়ে ভুল-শুদ্ধৰ সম্যক জ্ঞান হেৰুৱাই প্ৰলাপ বকিছে ?