নিউজ ডেস্কঃ একমাত্ৰ চিকিৎসা বিভাগৰ গাফিলতিৰ বাবে প্ৰাণ হেৰুৱাবলগীয়া হ’ল নলবাৰীৰ তানিষ্ঠা কাশ্যপ নামৰ এগৰাকী চাৰি বছৰীয়া কণমানিয়ে৷
তানিষ্ঠা কিছুদিনৰ পৰাই সাধাৰণ অসুখ আৰু ডায়েৰিয়াত ভুগি আছিল৷ ২২ আগষ্টৰ পুৱা পৰিয়ালৰ সদস্যই কণমানিজনীক নলবাৰীৰ ডাঃ ৰাকেশ কুমাৰ জৈনৰ ওচৰলৈ লৈ যায়৷ চিকিৎসকগৰাকীয়ে পৰীক্ষা কৰাৰ পিছত কিছুমান ঔষধ লিখি দি ঘৰতে থকাৰ বাবে পৰামৰ্শ দিয়ে৷
ঠিক একে সময়তে তানিষ্ঠাৰ সম্পৰ্কীয় এঘাৰমহীয়া ধৃতিষ্মান কাশ্যপো সামান্য জ্বৰত আক্ৰান্ত হৈ আছিল৷ পৰিয়ালৰ লোকে ধৃতিষ্মানক একেজন চিকিৎসকৰ ওচৰলৈ লৈ যোৱাৰ পিছত চিকিৎসকগৰাকীয়ে শিশুটিক নলবাৰী ফুলেশ্বৰী নাৰ্চিং হোমত ভৰ্তি কৰিবলৈ পৰামৰ্শ দিয়ে৷
পৰীক্ষণত ধৃতিষ্মান ক’ভিড-১৯ পজিটিভ বুলি ঘোষিত হয় আৰু ডাঃ জৈনৰ পৰামৰ্শমতে শিশুটিক ২২ আগষ্টৰ পিছবেলা নলবাৰীৰ চিভিল হাস্পতালত ভৰ্তি কৰোৱা হয়৷
এইখিনি সময়তে তানিষ্ঠাৰ অৱস্থা বেয়ালৈ ঢাল খায়৷ পৰিয়ালৰ লোকে ডাঃ জৈনক টেলিফোনেৰে এইবিষয়ে অৱগত কৰে৷ চিকিৎসকগৰাকীয়ে তানিষ্ঠাৰ শাৰীৰিক পৰীক্ষা নকৰাকৈয়ে নলবাৰীৰ চিভিল হাস্পতালত ভৰ্তি কৰিবলৈ নিৰ্দেশ দিয়ে৷
চিকিৎসালয় কৰ্তৃপক্ষই ক’ভিড-১৯ৰ প্ৰট’ক’লৰ বিপৰীতে গৈ তানিষ্ঠাক ক’ভিড-১৯ৰ পৰীক্ষা নকৰাকৈয়ে ক’ভিডৰ আইচ’লেচন ৱাৰ্ডত ৰাখে৷ পৰিয়ালৰ সদস্যৰ মতে তানিষ্ঠা আৰু ধৃতিষ্মানক আইচ’লেচন ৱাৰ্ডৰ একেখন বিচনাতে ৰখা হৈছিল৷ এই সন্দৰ্ভত পৰিয়ালৰ সদস্যই চিকিৎসালয় কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰাত তেওঁলোকে পিপিই কিট আৰু পৰ্যাপ্ত কৰ্মচাৰী নোহোৱাকৈ ক’ভিড পৰীক্ষণ কৰিব নোৱাৰিব বুলি জনায়৷
ডাঃ জৈনৰ নিৰ্দেশমতে তানিষ্ঠা আৰু ধৃতিষ্মানক একেটা ছেলাইন দ্ৰব আৰু ইনজেকছন দিয়া হয়৷ তানিষ্ঠাক ছালৰ পৰীক্ষা নকৰাকৈয়ে “inj Ceftriaxone 250 iv bd” ইনজেক্ট কৰা হয়৷
ইনজেকছন দিয়াৰ বিশ মিনিট পিছতে তানিষ্ঠাৰ শৰীৰত কঁপনি উঠে৷ এই সন্দৰ্ভত তানিষ্ঠাৰ খুড়াকে হেডলাইন৮ক এইদৰে কয়, ‘‘তাইক চাবলৈ কোনো চিকিৎসক নথকা মই নিৰূপায় হৈ পৰিছিলো, মোৰ হাতত কোনো বিকল্প নাছিল৷ মই আইচ’লেচন ৱাৰ্ডলৈ সোমাই গৈছিলো আৰু কৰ্তব্যত থকা নাৰ্চক তানিষ্ঠাক পৰীক্ষা কৰিবলৈ অনুৰোধ জনাইছিলো৷ নাৰ্চগৰাকীয়ে চিকিৎসালয়খনত কেৱল দুগৰাকী নাৰ্চ থকা বুলি কয়৷’’
নলবাৰীৰ জিলা উপায়ুক্তৰ হস্তক্ষেপত অৱশেষত ৪৫ মিনিট পিছত এজন চিকিৎসক তানিষ্ঠাৰ পৰিদৰ্শনৰ বাবে আহে৷
তানিষ্ঠাৰ অৱস্থা বেয়াল ঢাল খোৱাত তাইক গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়৷ জিএমচিএইচৰ চিকিৎসকে তানিষ্ঠাৰ পৰিয়ালৰ সদস্যক জনোৱা মতে তানিষ্ঠাক ভুল ইনজেকছন দিয়া হৈছিল আৰু ইয়াৰ ফলত তাইৰ মগজুত বেয়া প্ৰভাৱ পৰিছে৷
আনহাতে তানিষ্ঠাক জিএমচিএইচৰ ক’ভিড-১৯ৰ ৱাৰ্ডত ক’ভিডৰ উপযুক্ত প্ৰতিবেদন নথকা বাবে ভৰ্তি কৰিবলৈ দিয়া হোৱা নাছিল৷ তাইক আইচিইউ অথবা ভেণ্টিলেচনৰ সুবিধাও প্ৰদান কৰা হোৱা নাছিল৷
এইদৰে যথেষ্ট হাৰাশাস্তি ভুগি অৱশেষত ২৩ আগষ্টৰ পুৱা ৬ বজাত তানিষ্ঠাই নিয়তিৰ ওচৰত হাৰ মানে৷ তাৎপৰ্যপূৰ্ণভাৱে তানিষ্ঠাৰ ক’ভিড পৰীক্ষণ সেইদিনা পুৱা ১০ বজাত ধাৰ্য কৰা হৈছিল৷
কণমানিজনীৰ পৰিয়ালৰ সদস্যই ডাঃ ৰাকেশ জৈনৰ বিৰুদ্ধে নলবাৰী আৰক্ষী থানাত ৩০৪ (ক)ৰ অধীনত এক অভিযোগ দাখিল কৰিছে৷
নলবাৰীৰ জিলা উপায়ুক্ত পুৰবী কোঁৱৰে হেডলাইন৮ক নলবাৰী স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকক এই সন্দৰ্ভত তদন্ত কৰিবলৈ নিৰ্দেশ দিছে বুলি জানিবলৈ দিছে৷ নলবাৰী স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ উমেশ ফাংছই নলবাৰী চিভিল হাস্পতালত পিপিই কিট আৰু কৰ্মচাৰীৰ অভাৱ হোৱাৰ অভিযোগ খণ্ডন কৰি কয়, ‘‘মই ডাঃ ৰাকেশ জৈনৰ কৃতকৰ্মক গৰিহণা দিছো৷ তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷’’
এতিয়া স্বাভাৱিকতে প্ৰশ্ন হয় যে কাৰ গাফিলতিত তানিষ্ঠা নামৰ কণমানিজনীয়ে প্ৰাণ হেৰুৱাবলগীয়া হ’ল৷ ক’ভিড-১৯ৰ পৰীক্ষা নকৰাকৈয়ে কিয় তানিষ্ঠাক আইচ’লেচন ৱাৰ্ডক ভৰ্তি কৰোৱা হৈছিল? কিয় যুটীয়া সঞ্চালক এইবিষয়ে অজ্ঞ আছিল? জিলা স্বাস্থ্য বিভাগৰ চকুৰ সন্মুখতে এগৰাকী চৰকাৰী চিকিৎসকে কিদৰে ব্যক্তিগত চেম্বাৰত প্ৰেকটিচ কৰিব পাৰে? ক’ভিড-১৯ৰ বাহিৰে অন্য ৰোগৰ বৰ্তমান কোনো গুৰুত্ব নাই নেকি? তানিষ্ঠাৰ মৃত্যুৰ দায়িত্ব এতিয়া কোনে ল’ব, চিকিৎসকে নে প্ৰশাসনে?