অসম আৰু অসমীয়াক চূড়ান্ত অপমানৰ ধৃষ্টতা কৰিলে আজমল ভাতৃ চিৰাজুদ্দিন আজমলে। ৰাজনৈতিক ভণ্ডামিৰে চৰ্চাত থকা বদৰুদ্দিন আজমলৰ ভাতৃ তথা বিধায়ক চিৰাজুদ্দিন আজমলৰ অসম তথা অসমীয়াক অপমান কৰাৰ দুঃসাহসে এতিয়া ৰাজ্যত বিতৰ্কৰ সূচনা কৰাৰ লগতে সৰ্বস্তৰতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
একমাত্ৰ নিজ ব্যৱসায়ীৰ স্বাৰ্থতে সংখ্যালঘুৰ তথাকথিত ত্ৰাণকৰ্তাৰ ভূমিকা লোৱা AIUDFএ ৰাজ্যসভাৰ নিৰ্বাচনত আজমল পৰিয়ালৰ ব্যৱসায়িক স্বাৰ্থৰ লগতে ব্যক্তিগত লাভালাভৰ বাবেই বিজেপিৰ প্ৰাৰ্থী জয়ৰ বাট মুকলি কৰি দিয়া বুলি অভিযোগ উঠাৰ পিছতেই দলটোৰ নেতৃত্বৰ মুখা খুল খাইছে। ৰাজ্যৰ ৰাজনীতিত সুবিধাবাদীৰ ভূমিকা গ্ৰহণ কৰি কেৱল ব্যক্তিগত লাভালাভৰ কথা চিন্তা কৰি সাম্প্ৰদায়িকতাবাদৰ পৃষ্ঠপোষকতা কৰা AIUDF বিজেপিৰ সৈতে গোপন মিতিৰালিত লিপ্ত বুলি অসমৰ ৰাইজে সন্দেহ কৰিছে।
দলটোৰ প্ৰকৃত মুখ পোহৰলৈ অহাৰ পিছতে আজমল ভাতৃয়ে অসম তথা অসমীয়াক চৰম অপমান কৰিবলৈ আৰম্ভ কৰিছে। শুকুৰবাৰে সংবাদিকৰ এক প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ চিৰাজুদ্দিন আজমলে ‘অসমীয়া ভাষা কোনে জানে? ’বুলি চৰম ধৃষ্টতাৰে অসমীয়া ভাষাক অপমান কৰিল। ‘মই ইণ্টাৰনেচনেল মানুহ, অসমীয়া নকও’ বুলি কৰা সেই মন্তব্যৰ পাছতে এতিয়া ৰাজ্যৰ বিতৰ্কৰ সূচনা হৈছে। উল্লেখ্য যে, ৰাজ্যসভাৰ নিৰ্বাচনক লৈ এ আই ইউ ডি এফ আৰু কংগ্ৰেছৰ মাজত যুঁজ তীব্ৰতৰ হোৱাৰ সময়তে এইদৰে চিৰাজুদ্দিন আজমলে অসমীয়া ভাষাক অপমান কৰিছে।