২০২১ৰ বিধানসভা নিৰ্বাচন দুৱাৰ দলিত ৷ নিৰ্বাচনৰ পূৰ্বে এতিয়া ৰাজনৈতিক মহলত চলিছে বিভিন্ন ৰাজনৈতিক অংক ৷ কোন হ’ব এইবাৰৰ মুখ্যমন্ত্ৰী? ইয়াকে লৈ নেতাসকলৰ মাজত চলিছে তীব্ৰ আলোচনা-বিলোচনা ৷ চলিছে বিজেপি আৰু বিৰোধী দলসমূহৰ মাজত তীব্ৰ সংঘৰ্ষ ৷ কি সৰ্বানন্দ সোণোৱাল, কি হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ যুঁজত নামিছে ৰাজনৈতিক মহলত অন্তৰ্ধান হৈ যোৱা নেতাও ৷ কোন হ’ব এইবাৰৰ মুখ্যমন্ত্ৰী? এয়া হৈছে এক লাখটকীয়া প্ৰশ্ন ৷
এজন ব্যক্তি, যিগৰাকী ব্যক্তি হৈছিল অসমৰ দুবাৰকৈ মুখ্যমন্ত্ৰী ৷ যাৰ শাসন কালছোৱাত হৈছিল গুপ্তহত্যাকে ধৰি অসম বিৰোধী কাৰ্যকলাপ ৷ তাৰ পিছতে তেওঁৰ জনপ্ৰিয়তাৰ ভেটিত সৃষ্টি হৈছিল তীব্ৰ খহনীয়াৰ ৷ ৰাজনৈতিক মানদণ্ডও হৈছিল নিম্নগামী ৷ মুখ্যমন্ত্ৰীৰ শাসনৰ ভাৰ সমাপ্ত হোৱাৰ পিছৰে পৰা হেৰাই গৈছিল তেওঁৰ অস্বিত্ব ৷ ‘CAB’আহিল, ক’ৰোনা আহিল কিন্তু নোলাল এষাৰ মাত ৷ কিন্তু আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে জাগ্ৰত হৈ উঠা এই অন্তৰ্ধান নেতাজনৰ কিয় ইমান তৎপৰতা?
অসমৰ গৃহ মন্ত্ৰী হৈ থকা দিনত তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল আলফা সদস্যসকলৰ গুপ্তহত্যাৰ ৷ শইকীয়া কমিছনে তেওঁৰ বিৰুদ্ধে উঠোৱা এই অভিযোগৰ পিছতে তেওঁক অগপ দলে তেওঁক দলৰ পৰা কৰিছিল বহিষ্কাৰ ৷ ইয়াৰ পিছতে ৰাজনৈতিক মেৰপেচত সোমাই তেওঁৰ নাম হৈছিল নিশ্চিহ্ন ৷
আপোনালোকে নিশ্চয় বুজিব পাৰিছে আমি কোন সেই ৰাজনৈতিক নেতাৰ কথা উল্লেখ কৰিছো ৷ হয় একালৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু বৰ্তমানৰ অন্তৰ্ধান নেতা প্ৰফুল্ল কুমাৰ মহন্তৰ কথাই কৈছো ৷ প্ৰফুল্ল কুমাৰ মহন্তই পুনৰ মুখ্যমন্ত্ৰী হোৱাৰ মন মেলিছে ৷ সেয়েহে মনৰ মাজত বিভিন্ন অংক লৈ চিধাই গৈ পালে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ কাষ ৷ তেওঁৰ উদ্দেশ্য অসমৰ সমস্যা সমাধান কৰা নহয়, তেওঁ অমিত শ্বাহৰ সাক্ষাৎ কৰিবলৈ গৈছিল বঢ়মপুৰ সমষ্টিটো অগপৰ বাবে সংৰক্ষিত কৰি ৰখা ৷ যাতে তেওঁ পুনৰ সমষ্টিটোত অগপৰ টিকটত বিধায়ক হ’ব পাৰে ৷
বিজেপিৰ কেইবাজনো নেতাই এইবাৰ বঢ়মপুৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী থিয় কৰোৱাৰ পৰিকল্পনা কৰিছে ৷ এই ক্ষেত্ৰত অগপৰ নেতাসকলেও সমৰ্থন জনাইছে ৷ কাৰণ, প্ৰফুল্ল কুমাৰ মহন্তৰ ক্ৰমাৎ বৃদ্ধি পাইছে ব্যৱধান অগপৰ সৈতে ৷ অমিত শ্বাহক সাক্ষাতৰ পিছত বঢ়মপুৰ সমষ্টিক লৈ তেওঁৰ চিন্তাৰ অৱসান ঘটিল ৷
অমিত শ্বাহে দিয়া নিশ্চয়তাৰ পিছত প্ৰফুল্ল কুমাৰ মহন্ত উৎসাহিত হৈ তেওঁৰ নতুন অংকৰ দ্বিতীয়টো পৰ্যায় আৰম্ভ কৰি দিয়ে ৷ পুনৰ বিধায়ক হোৱাৰ সমান্তৰালকৈ ৰাজনৈতিক পৰিস্থিতিৰ সুযোগ গ্ৰহণ কৰি ২০২১ত তৃতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ আসনত বহাৰ অংক কৰিছে ৷
কিন্তু কোন হ’ব পৰৱৰ্তী মুখ্যমন্ত্ৰী সেয়া সময়তহে লক্ষণীয় হ’ব ৷
Photo: Google