আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিয়ে ক্ষমতালৈ আহিব আৰু পৰৱৰ্তী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেই হ’ব।
এই কথা আমাৰ নহয়, অসমৰ ভূমিত উপস্থিত হৈ এই ঘোষণা কৰে সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামদাস আঠাৱালেই।
মুখ্যমন্ত্ৰী পুনৰ সৰ্বানন্দ সোণোৱালেই হ’ব বুলি কেন্দ্ৰীয় পথ পৰিবহণ দপ্তৰৰ মন্ত্ৰী নীতিন গাডকাৰীৰ পিছত পুনৰ অনুৰূপ ঘোষণা কৰে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামদাস আঠাৱালেই।
মন্ত্ৰী ৰামদাস আঠাৱালেই পৰৱৰ্তী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেই হ’ব বুলি ঘোষণা কৰি কয় যে,
-‘অসমত বিজেপি চৰকাৰ পুনৰ গঠন কৰাৰ ক্ষেত্ৰত মোৰ দলে সম্পূৰ্ণ সহযোগিতা কৰিব।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসম তথা উত্তৰ-পূবৰ বিকাশক যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে।
মোক মাহত এবাৰ বা দুবাৰকৈ উত্তৰ-পূব ভ্ৰমণ কৰি বিভাগৰ কাম-কাজৰ পৰ্যবেক্ষণৰ নিৰ্দেশ দিছে।
মোদী চৰকাৰৰ শাসনতে উত্তৰ-পূবৰ যথেষ্ট উন্নতি ঘটিছে আৰু অসমত পুনৰ সৰ্বানন্দ সোণোৱালৰ নেতৃত্বতে হ’ব পৰৱৰ্তী চৰকাৰ।
লগতে গাডকাৰীয়ে ক’লে যে, বৰাকত বাট-পথৰ অভূতপূৰ্ব উন্নতি ঘটিছে,
যিখিনি কাম বাকী আছে সেয়া উন্মোচন কৰিবলৈ মই ২০২২ৰ মাৰ্চ মাহত সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত ইয়াৰ উদ্বোধন কৰিবলৈ পুনৰ অসমলৈ আহিম।
সৰ্বানন্দ সোণোৱালক ময়েই দললৈ আনিছিলো।
সোণোৱালৰ সকলো ইচ্ছা মই পূৰণ কৰো। আজি আপোনালোকৰ ওচৰত মোৰ এটা চৰ্ত আছে।
বৰাক নদীৰ ওপৰত মই দুখন দলং মঞ্জুৰ কৰিলো।
কিন্তু নিৰ্বাচনৰ পিছত যি ভূমি পূজন হ’ব, তাত মুখ্যমন্ত্ৰী সোণোৱাল মুখ্যমন্ত্ৰীৰূপে উপস্থিত থাকিব লাগিব।
এই দায়িত্ব মই আপোনালোকক দিলো।
যদি আপোনালোকে সোণোৱালৰ চৰকাৰক পুনৰ বিজয় কৰে তেন্তে দুয়োখন দলঙৰ কাম আৰম্ভ কৰিবলৈ আহিম।
Photo: Google