নিউজ ডেস্কঃ প্ৰাক্তন মন্ত্ৰী তথা গোলাঘাট বিধানসভা সমষ্টিৰ বৰ্তমানৰ বিধায়িকা অজন্তা নেওগৰ শেহতীয়াকৈ বিজেপি গমনৰ প্ৰসংগক লৈ কংগ্ৰেছ দলৰ ভিতৰচৰাত এতিয়া তীব্ৰ জোকাৰনিৰ সৃষ্টি হৈছে। বিশেষকৈ কংগ্ৰেছ বিধায়িকা গৰাকীয়ে এইসপ্তাহৰ ভিতৰতে আনুষ্ঠানিক ভাবে বিজেপিত যোগদান কৰাৰ সম্ভাৱনা আছে। এক দলীয় সূত্ৰই জনোৱা মতে ইতিমধ্যে অজন্তা নেওগে ভাৰতীয় জনতা পাৰ্টীত যোগ দিয়াৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে । বিগত দুদিন ধৰি বিধায়িকা গৰাকীয়ে তেওঁৰ গোলাঘাট নৰাগাওঁস্থিত বাসসগৃহত পৃথকে পৃথকে গোলাঘাট বিধান সভা সমষ্টিৰ বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মীৰ সৈতে আলোচনাত মিলিত হোৱাৰো খবৰ আহিছে।
বিধায়িকা গৰাকীৰ লগত সমষ্টিটোৰ কেইবাজনো জিলা পৰিষদ,আঞ্চলিক পঞ্চায়তৰ সভাপতিকে ধৰি মণ্ডল কংগ্ৰেছ, যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছ, এন এছ ইউ আই কৰ্মী আৰু সাধাৰণ কৰ্মীয়ে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগ দিয়াৰ সম্ভাৱনা আছে। তেনেহ’লে উজনি অসমত তিতাবৰৰ পিছত গোলাঘাটতো দুৰ্বল হৈ পৰিব কংগ্ৰেছ। বিটিচি আৰু তিৱা নিৰ্বাচনত বেয়াকৈ মুখথেকেচা খোৱাৰ পিছত কংগ্ৰেছে ৰিপুণ বৰাৰ নেতৃত্বত আগন্তুক অসম বিধান সভা নিৰ্বাচনতো যে ভাল ফল দেখুৱাব সেয়া সন্দেহৰ আৱৰ্তত। অসমৰ ৰাজনৈতিক ইতিহাসে কৈ আহিছে, যিটো দলেই উজনিত সৰ্বাধিক আসন লাভ কৰে, সেইটো দলেই দিছপুৰো দখল কৰে। সেই দৃষ্টিকোণৰ পৰা চাবলৈ গ’লে কংগ্ৰেছ ভোটৰ দুৰ্গ বৃদ্ধি পোৱাৰ বিপৰীতে কমিহে আহিছে।
আমি কথা পাতিছিলো গোলাঘাট সমষ্টিৰ গমাৰিগুৰি ব্লক কংগ্ৰেছৰ সভাপতি পোনা বৰাৰ স’তে, (তেওঁ কয়)“বিধায়িকা অজন্তা নেওগৰ লগত সমষ্টিটোৰ বিভিন্ন পৰ্যায়ৰ প্ৰায় ৭০% নেতা,কৰ্মীয়ে এতিয়া বিজেপিত যোগদান কৰাৰ সম্ভাৱনীতাই দেখা দিছে । বিগত বিশটা বছৰে কংগ্ৰেছক প্ৰতিনিধিত্ব কৰি অজন্তা নেওগে গোলাঘাট সমষ্টিটোৰ পৰা একেলেঠাৰিয়ে বিধায়িকা হিচাপে নিৰ্বাচিত হৈ আহিছে আৰু নিজৰ কৰ্ম দক্ষতাৰ , নিকা ভাবমূৰ্তিৰ বলত সমষ্টিটোৰ ৰাইজৰ হৃদয়ত স্থান দখল কৰিবলৈ সক্ষম হৈছে । তেনেক্ষেত্ৰত সমষ্টিটোৰ দলীয় নেতা,কৰ্মীৰ লগতে অধিকাংশ ৰাইজ এতিয়া অজন্তা নেওগৰ সৈতে থকাৰ সম্ভাৱনা আছে।
একেদৰে কংগ্ৰেছৰ এগৰাকী নিষ্ঠাবান গীৰেন ভূঞাই এই দৰে কয়, “২০০১ চনত অজন্তা নেওগ গোলাঘাট বিধান সভা সমষ্টিৰ পৰা প্ৰথমবাৰৰ বাবে বিধায়িকা হিচাপে নিৰ্বাচিত হওঁতে তেওঁক সমষ্টিবাসীয়ে ভালকৈ চিনিয়ে পোৱা নাছিল। সেইবাৰৰ নিৰ্বাচনত সমষ্টিৰ ৰাইজে অজন্তা নেওগক আততায়ীৰ হাতত নিহত হোৱা কংগ্ৰেছ নেতা নগেন নেওগৰ পত্নী হিচাপে নিৰ্বাচিত কৰি বিধান সভালৈ প্ৰেৰন কৰিছিল। কিন্তু পৰবৰ্তী সময়ত অজন্তা নেওগে তেওঁৰ কৰ্ম দক্ষতা আৰু নিকা ভাবমূৰ্তিৰ বাবে ২০০৬,২০১১আৰু ২০১৬ চনত সমষ্টিটোৰ পৰা নিৰ্বাচিত হৈছিল। সেয়ে আমি কওঁ যে গোলাঘাট বিধানসভা সমষ্টিটো কংগ্ৰেছৰ দূৰ্গ নহয়, এয়া অজন্তা দূৰ্গহে।”
২০০১ চনৰ পৰা বৰ্তমানলৈকে কি বিধানসভা নিৰ্বাচন, কি লোকসভা নিৰ্বাচন, কি পঞ্চায়ত নিৰ্বাচন, কি পৌৰসভা নিৰ্বাচন সকলোতে অজন্তা নেওগৰ নেতৃত্বত কংগ্ৰেছ দলে গোলাঘাট সমষ্টিত অধিক ভোট লাভ কৰিবলৈ সক্ষম হৈ আহিছে।
আনকি ২০১৪ চনত চৌদিশে মোডী ঢৌ চলি থকাৰ সময়তো গোলাঘাটৰ বিধায়িকা গৰাকীয়ে কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈক গোলাঘাটৰ পৰা অধিক ভোট দিয়াবলৈ সক্ষম হৈছিল।
ইতিমধ্যে অসম প্ৰদেশ কংগ্ৰেছে অজন্তা নেওগক গোলাঘাট জিলা কংগ্ৰেছ কমিটিৰ সভানেত্ৰীৰ পদৰ পৰা অপসাৰন কৰাৰ সমান্তৰালকৈ জিলাখনৰ বিভিন্ন ব্লক,মণ্ডল কমিটিৰ নেতৃত্বৰ ব্যাপক সালসলনি অব্যাহত ৰাখিছে। যাতে নতুনকৈ দায়িত্ব লাভ কৰা কংগ্ৰেছ কৰ্মী সকলে দল এৰি যাৱ নোৱাৰে