নিউজ ডেস্কঃ মদ বিক্ৰী কৰি নগাঁৱত আবকাৰী বিভাগৰ জালত পৰিল বিজেপিৰ ৱাৰ্ড মেম্বাৰ।
বিলাতী সুৰা অবৈধভাৱে বিক্ৰী কৰা এই ৱাৰ্ড মেম্বাৰজন হৈছে নগাঁৱৰ শেনচোৱা গাঁও পঞ্চায়তৰ ৬ নং ৱাৰ্ডৰ মেম্বাৰ তুলন দাস। নগাঁও আৱকাৰী বিভাগে দাসৰ ঘৰত অভিযান চলাই বুজন পৰিমাণৰ বিলাতী সুৰা জব্দ কৰে।