নিউজ ডেস্কঃ শীতৰ দিনকেইটাত আমাৰ ছালত নানা সমস্যাই দেখা দিয়ে।
বতৰ শুকান আৰু ঠাণ্ডা হোৱাৰ বাবে ছালৰ যত্ন লোৱাত আমি অৱহেলা কৰো ৷
যাৰ বাবে ছাল শুকান হৈ পৰে, ওঠ ফাটে ৷
আজিকালি সৰহসংখ্যক লোকেই নিজৰ স্বাস্থ্যৰ যত্ন ল’ব জানে আৰু ছালখনৰ সুন্দৰকৈ পৰিচৰ্যা কৰে।
শীতকালত ছালৰ বাবে সহজতে কৰিব পৰা কেইটামান সাধাৰণ দিহা তলত দিয়া হ’ল –
![skin care](https://headline8.in/as/wp-content/uploads/2021/01/8-1.jpg)
- ৰাতি শোৱাৰ আগত আপুনি নিজৰ ছালৰ প্ৰকাৰ অনুসৰি ফেচৱাছ বা ক্লিঞ্জাৰ ব্যৱহাৰ কৰিব মুখখন কুহুমীয়া গৰম পানীৰে ধুব।
- মুখ ধোৱাৰ পিছত সঠিক টোনাৰ আৰু মইশ্বাৰাইজাৰ ব্যৱহাৰ কৰক। শুকান অনুভৱ কৰাৰ পৰা পৰিত্ৰাণ পাব ৷
![skin care](https://headline8.in/as/wp-content/uploads/2021/01/1800x1200_woman_washing_her_face_other.jpg)
- ছালখন বেছি শুকান হ’লে গা ধোৱাৰ আগতে বা ৰাতি শোৱাৰ আগতে এলোবেৰা ব্যৱহাৰ কৰিব পাৰে ৷
- ৰাতিপুৱা মুখখন কুহুমীয়া গৰম পানীৰে ধুব পাৰে ৷
- ছালত বয়সৰ চাপ পৰিলে ছালৰ প্ৰকাৰ অনুযায়ী ‘ স্কিন চিৰাম’ ব্যৱহাৰ কৰিব পাৰে। ই ছালত পুষ্টি যোগায় আৰু বয়সৰ চাপ কম কৰাত সহায় কৰে।
![Skin Care](https://headline8.in/as/wp-content/uploads/2021/01/young-woman-giving-herself-a-facial-at-home-1200x628-facebook-1200x628-1.jpg)
- ছাল সুন্দৰ কৰি ৰখাৰ মূলমন্ত্ৰ হ’ল বিশুদ্ধ পানী সেৱন কৰা ৷ পানী কম খোৱা লোকৰ পেট খোলোচা নহয় যাৰ ফলত শালমইনা ,ক’লা দাগ আদি নানা সমস্যাই দেখা দিয়ে।
- লগতে এখন সুন্দৰ ছালৰ গৰাকী হ’বলৈ নিয়মিত খোৱা-লোৱা কৰাৰ লগতে নিদ্ৰাৰো প্ৰয়োজন ৷