পৰম্পৰাগত খাদ্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লক্ষ্যৰে উত্তৰ পূৰ্বাঞ্চল আৰু অসমীয়া পৰম্পৰাগত ৰন্ধন শৈলীৰ এখন কৰ্মশালা আৰু তথ্য জ্ঞান ভিত্তিক আলোচনা চক্ৰ ৭ জুলাইত গুৱাহাটীৰ পাঞ্জাবাৰীত অনুষ্ঠিত হৈ যায়। কৰ্মশালা আৰু আলোচনা চক্ৰত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহুসংখ্যক অংশগ্ৰহণকাৰিয়ে যোগদান কৰে। প্ৰশিক্ষক হিচাপে আছিল মিতালী কলিতা আৰু মৃদুস্মিতা দত্ত দুৱৰা।
আলোচনাচক্ৰ খনত উপস্থিত আছিল সাহিত্যিক ইছমাইল হুছেইন, দৈনিক অসম কাকতৰ বাৰ্তা সম্পাদক ৰঞ্জিত হাজৰিকা, অসম চৰকাৰৰ ক্ষুদ্ৰ উদ্যোগ বিষয়ক পৰামৰ্শদাতা ৰাতুল দাস আৰু প্রিয় বন্ধু অনুষ্ঠানটোৰ প্ৰতিষ্ঠাপক অৰ্চনা বৰঠাকুৰ। আনহাতে অনুষ্ঠানটোত চৈয়দা চমিনা আৰফিন চিষ্টি , কাবেৰী গগৈ ডেকা আৰু ৰুমী দেৱান উপ দে উপস্থিত আছিল।