২৭ ফেব্ৰুৱাৰীৰ পৰা নগাঁৱত আৰম্ভ হ’ব মহামৃত্যুঞ্জয় মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা সমাৰোহ ৷
বৃহস্পতিবাৰে উপস্থিত থাকিব গৃহমন্ত্ৰী অমিত শ্বাহ ৷
ডেৰ লক্ষাধিক ভক্তপ্ৰাণ ৰাইজক আদৰিবলৈ সাজু হৈ উঠিছে নৰসিংহ সমন্বয় ক্ষেত্ৰ ৷
নগাঁৱৰ ভেৰভেৰী সমন্বয় ক্ষেত্ৰত নিৰ্মাণ কৰা হৈছে ১২৬ ফুট উচ্চতাৰ বিশ্বৰ সৰ্ববৃহৎ মহামৃত্যুঞ্জয় মন্দিৰ ৷
২০০৪ চনতেই পণ্ডিত ভৃগুগিৰি মহাৰাজৰ নেতৃত্বত আৰম্ভ হৈছিল নিৰ্মাণৰ কাম ৷
ভৃগুগিৰি মহাৰাজৰ মতে, দৈত্যগুৰু শুক্ৰাচাৰ্যই শিৱ পূজা কৰিছিল এই স্থানত ৷
উক্ত শিৱলিংগটোৰ আকাৰ দৈনিক বৃদ্ধি হোৱাত নিৰ্মাণ কৰা হ’ল এই মন্দিৰটো ৷
প্ৰায় দুই শতাধিক তামিল পণ্ডিতসহ নৰসিংহ ক্ষেত্ৰত উপস্থিত হৈছে বিশিষ্ট বৈদিক পণ্ডিত বিষ্ণুপ্ৰসাদ ৷
ইতিমধ্যে সাজু কৰি তোলা হৈছে ১০৮টা যজ্ঞকুণ্ড ৷