নিউজ ডেস্কঃ ৩১ ডিচেম্বৰ সমাগত ৷ চাওতে চাওতে এটা ইংৰাজী নৱবৰ্ষই আমাৰ পৰা বিদায় ল’বৰ হ’ল ৷ ক’ৰোনা মহামাৰীৰ মাজতেই ইংৰাজী নৱবৰ্ষক আদৰিবৰ বাবে সমগ্ৰ বিশ্ববাসী মাজত পূৰ্বৰ দৰেই কিছু হ’লেও উৎকণ্ঠা আছে ৷ সেয়েহে গুৱাহাটী মহানগৰ আৰক্ষীয়ে কিছু নীতি- নিয়ম নিৰ্ধাৰণ কৰিছে ৷ জানিব পৰা মতে ৩১ ডিচেম্বৰৰ নিশাৰ বাবে কঠোৰ হ’ব গুৱাহাটী মহানগৰৰ আৰক্ষী।
• অনুজ্ঞা-পত্ৰ থকা বাৰ খুলিব পাৰিব নিশা ১২ বজালৈ।
• ৫০ শতাংশতকৈ অধিক লোকৰ সমাগমত অনুমতি দিয়া নহ’ব।
• মাক্স আৰু ছেনিটাইজাৰ বাধ্যতামূলক। সুৰাপায়ীৰ ওপৰত তীক্ষ্ণ নজৰ থাকিব মহানগৰ আৰক্ষীৰ।
• ৩১ ডিচেম্বৰৰ নিশা ঠায়ে ঠায়ে থাকিব নাকা চেকিং।
• সুৰাপান কৰি নিশা গাড়ী নচলাবলৈ মহানগৰবাসীক অনুৰোধ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাৰ।
• যান-বাহন আইন ভংগকাৰীৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল’ব মহানগৰ আৰক্ষীয়ে ৷
• নিশা ১০ বজাৰ পিছত উচ্চস্বৰত কোনোধৰণৰ মিউজিক ব্যৱহাৰ কৰিব নোৱোৰিব ৷