ভাৰত পাকিস্তানৰ ক্ৰিকেট মেচৰ উন্মাদনাৰ মাজতেই দেওবাৰে নিশা শিৱসাগৰৰ ভাস্কৰজ্যোতি চিনেমা হলত এজন যুৱকৰ মৃত্যু হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ চিনেমা গৃহৰ ভিতৰতেই অসুস্থ হৈ মৃত্যুৰ মুখত পৰা যুৱকজন শিৱসাগৰ চহৰৰ গণকপট্টী কৃষ্ণ নগৰৰ নিৱাসী দিজেন গগৈৰ পুত্ৰ বিতু গগৈ বুলি জানিব পৰা গৈছে ৷
জানিব পৰা মতে, আজি আবেলি তিনিজন বন্ধুৰ সৈতে বিতু গগৈয়ে ভটীয়াপাৰৰ ভাস্কৰজ্যোতি চিনেমা হলত প্ৰদৰ্শন কৰা ভাৰত পাকিস্তানৰ ক্ৰিকেট খেলৰ পোনপটীয়া সম্প্ৰচাৰ চোৱাৰ উদ্দেশ্যে উপস্থিত হৈছিল গৈ ৷ টিকেত ক্ৰয় কৰি ছবি গৃহৰ ডাঙৰ পৰ্দাত খেল উপভোগ কৰি থকা বিতুৱে হঠাৎ এটা চিঞৰ মাৰি অচেতন হৈ পৰে ৷
লগে লগেই আন দৰ্শক তথা কাষতে থকা বন্ধু কেইজনে বিতুক জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ লৈ আনে যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷ ঘটনাৰ খবৰ পাই জয়সাগৰ আৰক্ষীৰ এটা দল চিনেমা হলত উপস্থিত হৈ ঘটনাৰ অনুসন্ধান কৰাৰ লগতে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷