• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

নাৰীৰ প্ৰতি ইমান আসক্তি কিয় জুবিনৰ…?

admin by admin
February 3, 2021
in অসম, গুৱাহাটী
1 min read
0
নাৰীৰ প্ৰতি ইমান আসক্তি কিয় জুবিনৰ…?
Share on FacebookShare on Twitter

মনত আছেনে ‘মন যায়’ ছবিখনৰ কথা। তাত জুবিন গাৰ্গক আপুনি কি ৰূপত দেখা পাইছিল? শান্তভাৱে একেখন বেঞ্চতে বহি সদায় চাইছিল ছবিখনৰ অভিনেত্ৰীগৰাকীক। কিন্তু সেই শান্ত-শিষ্ট জুবিন গাৰ্গ এতিয়া মহাদুষ্ট। প্ৰায়ে যুৱতী-মহিলাৰ দেহক লৈ দৃষ্টিকটু মন্তব্য কৰা দেখা পোৱা যায়। গীততে হওক বা মঞ্চতে হওক সকলোতে জুবিনৰ নাৰীৰ প্ৰতি থকা দুৰ্বলতা প্ৰকাশ পাই আহিছে।
‘বাটি ভৰাই চিৰা খাবি’ৰ পৰা আৰম্ভ কৰি আৰু বহুকেইটা গীততে জুবিনে বহু বিতৰ্কিত শব্দ ব্যৱহাৰ কৰি আহিছে। মঞ্চত গীত পৰিৱেশনৰ মাজতে কেইবাবাৰো জুবিন গাৰ্গে ‘কেলা’ৰ দৰে শব্দও ব্যৱহাৰ কৰা দেখা পোৱা গৈছিল।
২০১৯ৰ এক অনুষ্ঠানত জুবিনে ‘জাতি-মাটি-ভেটি আৰু তাৰ পিছত এইটোহে…থাকিব আৰু’ বুলি মন্তব্য প্ৰদান কৰিছিল।
মঞ্চ, গীত বাদে দিলো বাৰু কাৰণ আমি ইমানদিনে বাদে দি আছিলো জুবিন গাৰ্গৰ সকলো কথা। কিন্তু ২০২১ৰ প্ৰাগ চিনে এৱাৰ্ডত জুবিনে কৰা কাণ্ড আমি জানো আওকাণ কৰিব পাৰো।

কাৰণ অনুষ্ঠানৰ মাজতে জুবিনে অভিনেত্ৰী নিশিতা গোস্বামীক লৈ শ্ৰুতিকটু মন্তব্য কৰা দেখা গ’ল। এখন অসমীয়া ছবিত অভিনয়ৰ উদ্ধৃতি দি জুবিনে নিশিতাক লৈ কয়, ‘গোটেই চিনেমাখনত মই তাইৰ –––টোৱে দেখা পালো। তাই খোজ কাঢ়ি গৈ থাকে, মই পাছফালৰ চাই থাকো…।’ইতিমধ্যে জুবিনৰ এই মন্তব্যৰ ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ লগতে বিভিন্নজনে সমালোচনাও কৰা দেখা গৈছে। ইয়াৰ পিছতে ৰাজ্যিক মহিলা আয়োগে ইতিমধ্যে আৰক্ষী সঞ্চালক প্ৰধানলৈ এক পত্ৰযোগে জুবিনৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণৰ আহ্বানো জনাইছে।

কেৱল অভিনেত্ৰী নিশিতা গোস্বামীয়ে নহয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰক লৈও কৰা মন্তব্যই জুবিনৰ মহিলাৰ প্ৰতি থকা আসক্তিয়ে প্ৰকাশ পাইছে। প্ৰস্তুতি পৰাশৰ যেতিয়া মঞ্চৰ ওপৰলৈ উঠি আহিছিল তেতিয়া জুবিনৰ মুখত শুনিব পোৱা গৈছিল “অ মা”। এই শব্দটো শুনি প্ৰস্তুতিয়ে জুবিনক কৈছিল কি ‘অ মা’? পিছত যেতিয়া প্ৰস্তুতিয়ে জুবিনক কান্ধত ধৰিবলৈ ওলাইছিল সেই সময়তো জুবিনৰ মুখৰ পৰা ওলাইছিল অশ্লীল ভাষ্যয়ে। ‘বুকুয়ে বুকুয়ে মাৰ’- এই তুচ্ছ মন্তব্যৰে প্ৰস্তুতিক আদৰিছিল মঞ্চলৈ।

‘সুন্দৰী আৰু গাভৰু যুৱতী লাগে জুবিনক। জুবিনে বুঢ়ী ছোৱালীৰ লগত থাকি ভাল নাপায়।’- এয়া আমাৰ কথা নহয়, এই কথা খোদ জুবিন গাৰ্গে কৈছে। ‘মিছন চাইনা’ৰ প্ৰচাৰ অভিযানৰ মাজতে জুবলী আৰু জুবিনৰ গীত গোৱা প্ৰসংগত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত জুবিনে জুৱলীক লৈ কৈছিল- ‘১২ বছৰ গালে আৰু কিমান গাব আৰু বুঢ়ীয়ে হ’ব আৰু। মোক বুঢ়ী ছিংগাৰ নালাগে।’

ধেমালিতে হওক বা অন্য কিবাই হওক জুবিনে কৰ পৰা পালে ইমান অধিকাৰ, ইমান সাহস? বছৰ বছৰ ধৰি জুবিনৰ এই কৰ্মকাণ্ড আওকাণ কৰিয়েই আহিছো। কিন্তু কথাতে কয় নহয়- “কথাতে কটা যায়, কথাতে বঁটা পায়।” সেয়া জুবিনে বৰ্তমান নিজেই প্ৰমাণ কৰিছে।

এয়াই প্ৰথম নহয় জুবিনৰ ইয়াৰ পূৰ্বেও বহুবাৰ জিভা পিছলিছিল, বহুবাৰ এনেধৰণৰ কাণ্ডয়ে কৰিলে। কিন্তু অসমৰ ল’ৰা বুলি, অসমৰ শিল্পী বুলি আমি জানো বাৰে বাৰে ক্ষমা কৰি দিব পাৰো। জুবিন গাৰ্গৰ এই কৰ্মকাণ্ড কিমান গ্ৰহণযোগ্য বুলি আপোনালোকে ভাৱে?

আমিও জুবিন বিৰোধী নহয় কিন্তু জনপ্ৰিয় হ’ল বুলিয়েই, জনপ্ৰিয়তাৰ আঁৰত তেওঁ কৰা এই কাণ্ড কিমান যুক্তিকৰ? জনাওক আমাক।

Photo: Google

Tags: Womenszubeen gargজুবিন গাৰ্গনাৰী
Previous Post

কৃষক আন্দোলনৰ সমৰ্থনত পৰ্ণষ্টাৰ; কোন এইগৰাকী পৰ্ণষ্টাৰ?

Next Post

মেট নাৰ্ছাৰীৰ প্ৰশিক্ষণ প্ৰদান অসমৰ কৃষকক

Related Posts

আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ
শিক্ষা

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ

January 25, 2023
ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা
ৰাজনীতি

ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা

January 25, 2023
ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!
ক্ৰাইম

ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!

January 25, 2023
Next Post
মেট নাৰ্ছাৰীৰ প্ৰশিক্ষণ প্ৰদান অসমৰ কৃষকক

মেট নাৰ্ছাৰীৰ প্ৰশিক্ষণ প্ৰদান অসমৰ কৃষকক

sonowal

বিশ্বৰ সৰ্ব্ববৃহৎ নদীদ্বীপ মাজুলীত সাংস্কৃতিক বিশ্ববিদ্যালয় স্থাপন

nagaland

দেশৰ ঋণী ৰাজ্যৰ দ্বিতীয় শীৰ্ষত নাগালেণ্ড- পঞ্চদশ বিত্তীয় আয়োগ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8