নিউজ ডেস্কঃ নতুন বছৰৰ ৩ জানুৱাৰীত মুকলি হ’ব ‘জুবিন সেঁতু’। এতিয়াৰে পৰা কেইবাখনো গাঁৱৰ ৰাইজে যাতায়াতৰ বাবে সুবিধা লাভ কৰিব। ৰজাঘৰীয়াই কৰিব নোৱাৰা কাম কৰি দেখুৱালে নৈপৰীয়া ৰাইজে।
চৰকাৰে গুৰুত্ব নিদিয়াত ৰাইজে সাজি উলিয়ালে ৩০০ ফুট দৈৰ্ঘ্যৰ বাঁহৰ দলং । ৰাজ্যৰ চৰকাৰক প্ৰত্যাহ্বান জনাই এইবাৰ ডিব্ৰুগড় জিলাত ৰাইজে নিৰ্মাণ কৰিলে প্ৰায় ৩০০ ফুট দৈৰ্ঘ্যৰ বাঁহৰ দলং ।
ডিব্ৰুগড় জিলাৰ মৰাণ বিধানসভা সমষ্টিৰ বুঢ়ীদিহিঙৰ দুইপাৰৰ ৰাইজে যোৱা ২৮ বছৰে যাতায়াতৰ সুবিধাৰ বাবে এখন দলং নিৰ্মাণৰ বাবে দাবী জনাই আহিছিল। কিন্তু কোনো এখন চৰকাৰে চেচুঘাট আৰু লেজাই-কলাখোৱা আদি অঞ্চলৰ ৰাইজৰ দাবীক গুৰুত্ব নিদিলে ।
যাৰ বাবে অৱশেষত সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত খোৱাং, লেজাই-কলাখোৱা আৰু বৰবৰুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত ৰাইজে সাজি উলিয়ালে বাঁহৰ দলংখন । নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হৈ উঠা এই দলংখনৰ ৰাইজে নাম দিছে ‘জুবিন সেঁতু’ হিচাপে ।