নিউজ ডেস্কঃ বিগত লকডাউনৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ত বন্ধ হৈ থকা নিয়মীয়া পাঠ্যক্ৰমসমূহৰ পৰিপ্ৰেক্ষিতত অহা ১ ছেপ্টেম্বৰৰ পৰা স্নাতকোত্তৰৰ চতুর্থ ষাণ্মাসিক, স্নাতক ষষ্ঠ ষাণ্মাসিক, এল এল বিৰ ষষ্ঠ ষাণ্মাসিক আৰু বি কম, বি এল এল বিৰ দশম ষাণ্মাসিকৰ শ্রেণীসমূহ খোলাৰ সিদ্ধান্ত লৈছে বিশ্ববিদ্যালয় কর্তৃপক্ষই৷
তদুপৰি ২২ ছেপ্টেম্বৰৰ পৰা স্নাতক পর্যায়ৰ আৰু ২৫ ছেপ্টেম্বৰৰ পৰা স্নাতকোত্তৰ পর্যায়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈও গুৱাহাটী বিশ্ববিদ্যালয়ে সিদ্ধান্ত লৈছে৷ এই সন্দর্ভত বিশ্ববিদ্যালয় কর্তৃপক্ষই আজি জাননী জাৰি কৰিছে৷ এক ছেপ্টেম্বৰৰ পৰা বিশ্ববিদ্যালয়ৰ হোষ্টেলসমূহো খুলিব৷
Gauhati University To Resume Classes For Final Sem Students From September 1
GUWAHATI: Gauhati University is all set to restart regular classes for final semester students as per proposed Government guidelines issued by the Commissioner and Secretary of Higher Education,
… pic.twitter.com/bPtze62Ffm— bgpublicnews (@bgpublicnews) August 7, 2020
চিত্ৰৰ উৎসঃ টুইটাৰ