নিউজ ডেস্কঃ ‘‘বহু প্ৰতীক্ষিত গণেশগুৰি উৰণীয়া সেতু অহা ২২ অক্টোবৰ ২০২০ তাৰিখে পুৱা ৯ বজাত উদ্বোধন কৰা হ’ব’’- জনতা ভৱনৰ পৰা আজি এক সংবাদ মেলত স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এইদৰে উল্লেখ কৰে৷
উল্লেখ্য, ৪৭৬ মিটাৰৰ এই উৰণীয়া সেতুখন ৫৮.৭৬ কোটি টকাৰ বাজেটৰ দ্বাৰা ৰাজ্যিক স্ব-অগ্ৰাধিকাৰ আঁচনিৰ অধীনত নিৰ্মাণ কৰা হৈছে৷ আনহাতে ছুপাৰ মাৰ্কেটত নিৰ্মীয়মান অৱস্থাত থকা টি-আকৃতিৰ উৰণীয়া সেতুখন ২০২১ৰ নিৰ্বাচনৰ পূৰ্বে মুকলি হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে৷