গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ শ্ৰেণীৰ অসমীয়া বিভাগৰ ১৯৯৪ বর্ষত চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা শিক্ষাৰ্থী সকলৰ বিগত ২০২৩ বৰ্ষৰ জুলাই মাহত প্ৰথমটো দেওবাৰত দ্বিতীয়বাৰৰ বাবে সফলতাৰে মিলন সমাৰোহখন নগাওঁ জিলাৰ ডিমৰুগুৰিত প্ৰাকৃতিক পৰিবেশৰ মাজত থকা জাচিংফা ৰিচৰ্টত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈছিল। এইবেলি তৃতীয় বাৰৰ বাবে মিলন সমাৰোহখন গুৱাহাটীৰ বৰাগাঁওস্থিত কুমাৰ ৰিজৰ্টত ১০ জুলাইত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। মিলন সমাৰোহত ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা মুঠ ৪৯ জন প্ৰাক্তন শিক্ষাৰ্থীয়ে ভাগ লয়। দুটা বছৰৰ বিৰতিৰ পাছত অনুষ্ঠিত সমাৰোহত আৰু দুজনমানে সুদীৰ্ঘ প্ৰায় ৩০ বছৰৰ মূৰত ইজনে সিজনক লগ পায় আবেগিক হৈ পৰাৰ লগতে এদিনৰ বাবে সেই তাহানিৰ বিশ্ববিদ্যালয়ৰ পঢ়া কালৰ দিনবোৰলৈ উভতি গৈ সকলোৱে নষ্টালজিক হৈ পৰে। এই উপলক্ষে বন্তি প্ৰজ্বলনৰে ৰিচৰ্টখনৰ সভাগৃহত শুভাৰম্ভ হোৱা “সমন্বয়ৰ সাঁকো – ৯৪” শীৰ্ষক অনুষ্ঠিত অনুষ্ঠানটোত জুবলী পায়েং, ৰুমঝুম ভূঞা, নুৰন নাহৰ ( ৰীমা), সোমনাথ বৰা, মানসী বৰ্মন ডেকা, ডঃ মঞ্জিৰা শৰ্মা, মালবিকা দাস (মালা), ৰাণু কলিতা, জোনা পাটোৱাৰী ডেকা, ডঃ ববিতা ইংতিপী, কন্দৰ্প শৰ্মা, জয়ন্ত কলিতা, যুথিকা শৰ্মা, প্ৰদীপ কুমাৰ, লতিকা দলৈ, স্বপ্না চৌধুৰী, ডঃ সুনীল তালুকদাৰ, চৈয়দুৰ ৰহমান, প্ৰতিভা ঠাকুৰীয়া, ববিতা ৰায়চৌধুৰী, ডঃ অনুৰাণী দেৱী, লাবণ্য কলিতা, ইভা ডেকা, কল্পনা কুমাৰী দাস, উষাৰাণী দাস, কৰবী ডেকা, হৰিদেবী কলিতা, জ্বলি ভৰালী, হাচিনা খানম, অমলা ইংতিপীকে ধৰি কেইবাজনেও বিশ্ববিদ্যালয়ত অধ্যয়নৰত সময়ত বিভিন্ন অনুষ্ঠানত পৰিবেশন কৰাৰ দৰে গীত, নৃত্য, হাস্য ব্যংগ কৌতুক, কবিতা পাঠ, আবৃত্তি, আলেখ্য পৰিবেশন কৰি অনুষ্ঠানটো জীপাল কৰি তোলে।
আৰম্ভণিতে ১৯৯৪ বেটছৰ যিসকল শিক্ষাৰ্থীৰ বিগত সময়চোৱাত মৃত্যু হল তেওঁলোকৰ বিদেহী আত্মাৰ সদগতি কামনা কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা জনোৱাৰ লগতে বন্তি প্ৰজ্বলন কৰা হয়। তেনেদৰে যিসকল শিক্ষাৰ্থী বিভিন্ন ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে তেওঁলোকৰ আশু আৰোগ্য কামনা কৰা হয়। অনুষ্ঠানৰ লগত সংগতি ৰাখি লাবণ্য কলিতাই তেঁওৰ জীয়ৰীয়ে অসম লোকসেৱা আয়োগৰ জৰিয়তে ৰাজপত্ৰিত বিষয়া পদত নিযুক্তি লাভ কৰা বাবে উপহাৰ হিচাপে আগবঢ়োৱা কেকটো সমূহীয়াভাবে কটা হয়। আনহাতে প্ৰতি বছৰে জুলাই মাহৰ গ্ৰীষ্মকালীন বন্ধৰ লগত সংগতি ৰাখি যিকোনো এটা দিনত মিলিত হোৱাৰ বিষয়ে সহমত প্ৰকাশ কৰি অহা ২০২৫ বর্ষতপুনৰ মিলন সমাৰোহখন অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সন্ধিয়াৰ প্ৰাক ক্ষণত জাতীয় সংগীতৰে সামৰণি পৰা অনুষ্ঠানটোত বহু শিক্ষাৰ্থীৰ নষ্টালজিক হৈ বিদায়ৰ মুহূৰ্তত চকুলো নিগৰি পৰা দৃশ্যই এক আবেগিক পৰিবেশৰ সৃষ্টি কৰে।