সদৌ অসম হস্ত তাঁত সমবায় সন্থাৰ উদ্যোগত আৰু বৰঝাৰ সৰু আগছিয়া বোৱা-কটা সমবায় সমিতিৰ সহযোগত ৰবিবাৰে গুৱাহাটীৰ ধাৰাপুৰস্থিত দুৰ্গা মন্দিৰ প্ৰাঙ্গনত ৮ সংখ্যক ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন কৰা হয়। ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসৰ লগত সংগতি ৰাখি বিয়লি বিশিষ্ট সমাজ কৰ্মী সুভাষ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰাজ্য চৰকাৰৰ তদানীন্তন হস্ততাঁত আৰু বস্ত্ৰ বিভাগৰ মন্ত্ৰী তথা পশ্চিম গুৱাহাটী সমষ্টিৰ বৰ্তমানৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ভাষণ প্ৰসংগত এই বুলি সদৰী কৰে যে–“ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসটো উদযাপনৰ এটাই অৰ্থ যে শিপিনী সকলৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা।
কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে গ্রহণ কৰা আঁচনি সমূহ শিপিনী সকলৰ মাজলৈ লৈ যোৱা। হস্ততাঁত শিল্পটো ৰাজ্যখনৰ শিপিনী সকলে ব্যৱসায়িক ভিত্তিত ল’ব লাগে যাতে স্বাৱলম্বী হ’ব পাৰে। হস্ততাঁত শিল্পটো আৱেগ আৰু স্বাভিমানৰ সৈতে জড়িত হৈ আছে। এই আপুৰুগীয়া শিল্পটোৰ মৃত্যু হ’লে জাতিটোৰো মৃত্যু হ’ব। ৰাজ্য চৰকাৰে ৰাজ্য ₹খনৰ শিপিনী সকলক পেঞ্চন দিয়াৰ লগতে হস্ততাঁত সমবায় সন্থাৰ সচিব সকলক প্ৰতি মাহে এক আৰ্থিক অনুদান আগবঢ়াব লাগে।”
ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসৰ সৈতে সংগতি ৰাখি হস্ততাঁত আৰু বস্ত্ৰশিল্পত পাৰদৰ্শিতা দেখুওৱা ন-গৰাকী পাকৈত শিপিনী ক্ৰমে গুমেইবৰীৰ আইজনী দাস, সৰু আগছিয়াৰ ৰীতা বৈশ্য, গড়ল-ভট্টপাৰাৰ জোনালী দাস, ধাৰাপুৰৰ নিভা বৈশ্য আৰু নিৰোদা কলিতা, গড়ল দ-মিৰ্জাপুৰৰ মাধুৰী বৈশ্য, গোটানগৰৰ মীনা কুমাৰী, জাৰোপাৰাৰ লীলা বৈশ্য আৰু শিকাৰহাতীৰ মঞ্জু কৈৱৰ্তক সদৌ অসম সমবায় সন্থাৰ তৰফৰ পৰা আনুষ্ঠানিক ভাৱে সম্বৰ্ধনা জনোৱা হয়।
সভাত সদৌ অসম হস্ততাঁত সমবায় সন্থাৰ কাৰ্যকৰী সভাপতি এন এন ৰাণা পাটগিৰি, ডিজাইনৰ প্ৰশান্ত আনুষ্ঠানিক ভাৱে সম্বৰ্ধনা জনোৱা হয়। সভাত সদৌ অসম হস্ততাঁত সমবায় সন্থাৰ কাৰ্যকৰী সভাপতি এন এন ৰাণা পাটগিৰি, ডিজাইনৰ প্ৰশান্ত ঘোষ, ১০ আৰু ১২ নং ৱাৰ্ডৰ পাৰিষদ ক্ৰমে কল্পনা দাস আৰু দীপাংকৰ বৈশ্য, কাঁহিকুছি গাওঁ পঞ্চায়তৰ সভাপতি জগন্নাথ ঠাকুৰীয়া, ধাৰাপুৰ তালুকৰ সভাপতি তিলক কলিতা, কাৰ্যকৰী সভাপতি দ্বিজেন্দ্ৰ চন্দ্ৰ কলিতা, সম্পাদক পৰেশ বৰুৱা, প্ৰাক্তন সভাপতি ধনেশ্বৰ কলিতা আৰু ৰাণী ৰাণী আঞ্চলিক পঞ্চায়ত ৰ অধ্যক্ষ পৰমেশ্বৰ বৰ্মণকে ধৰি কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।