ৰাজ্যৰ অগ্ৰণী সাংস্কৃতিক চৰ্চাৰ অন্যতম প্ৰতিষ্ঠান হিচাপে পৰিচিত গুৱাহাটীৰ বীৰকুছিস্থিত তুলিকা নৃত্যাঞ্জলি কলাকেন্দ্ৰই জন্মলগ্নৰে পৰা উঠি অহা নতুন প্ৰজন্মই যাতে শুদ্ধ ৰূপত অসমৰ গৌৰৱ জ্যোতি সংগীত, বিষ্ণু ৰাভা সংগীত, আদি অনুশীলন কৰিব পাৰে তাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। এই পদক্ষেপৰ অংশ হিচাপে কেন্দ্ৰ চৌহদত অহা ১৪ জুলাইৰ পৰা ২০ জুলাইলৈ এক সাতদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ আয়োজন কৰা হৈছে। কেন্দ্ৰৰ অধ্যক্ষা তথা মূখ্য প্ৰশিক্ষক তুলিকা ভূঞা বৰুৱাৰ তত্বাৱধানত অনুষ্ঠিত হবলগীয়া এই কৰ্মশালা সকলোৰে বাবে মুকলি থাকিব। কৰ্মশালাত জ্যোতি সংগীত, বিষ্ণু ৰাভা সংগীতৰ ওপৰত নৃত্যৰ প্ৰশিক্ষণ, পাশ্যাত্য বা পশ্চিমীয়া নৃত্যৰ ওপৰত মঞ্চস্থ জ্ঞান, তাল – লয় আৰু ভংগীমাৰ জ্ঞানৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰা হব। তেনেদৰে কৰ্মশালাত তুলিকা ভূঞা বৰুৱাৰ উপৰিও মুখ্য প্ৰশিক্ষক হিচাপে কস্তুৰী কাশ্যপ আৰু হেমেন শৰ্মা, সহকাৰী প্ৰশিক্ষক হিচাপে সুৰজ কৰ্মকাৰ উপস্থিত থাকিব।