আশাদ্বীপ মেণ্টেল হেল্থ ছ’ছাইটিৰ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে ১ ফেব্ৰুৱাৰীত মিৰ্জাত এক পদযাত্ৰা কাৰ্যসূচী গ্ৰহণ কৰে আশাদ্বীপে ।
পদযাত্ৰাত অংশগ্ৰহণ কৰে নেমকেয়াৰ শিক্ষা প্ৰতিষ্ঠানৰ শিক্ষক – শিক্ষয়িত্ৰী আৰু শিক্ষাৰ্থীসকলে ।
নিঃস্বজনৰ ভৰষা গুৱাহাটী মহানগৰীৰ অগ্ৰণী সামাজিক সংগঠন আশাদ্বীপ মেণ্টেল হেল্থ ছ’ছাইটি ।
মানসিকভাৱে বিকাৰগ্ৰস্ত লোকসকলক পথৰ পৰা তুলি আনি নতুন জীৱন দিয়ে আশাদ্বীপে।
সমাজৰ নিঃস্বজনৰ কাষত সাহস হোৱাৰ মানসিকতাৰে গুৱাহাটীৰ মাজ মজিয়াত ১৯৮৬ চনৰ ১ ফেব্ৰুৱাৰীত গঢ়ি তোলা হৈছিল সংগঠনটো ।
ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে অসম ৰাজ্যিক চিৰিয়াখানাত আশাদ্বীপৰ পৰিচালক ড° আৰ্জনা গোস্বামীয়ে অনুষ্ঠানটোৰ শুভাৰম্ভ কৰি এক সাংস্কৃতিক শোভযাত্ৰা উলিয়ায় ।
অনুষ্ঠানত উপস্থিত থাকে অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰা, বিশিষ্ট সাংবাদিক প্ৰণয় বৰদলৈ আৰু বহুকেইজন বিশিষ্ট ব্যক্তি ।