নিউজ ডেস্কঃ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ বাবে গঠন কৰি দিয়া উচ্চস্তৰীয় কমিটীৰ প্ৰতিবেদন আছুৱে ৰাজহুৱা কৰাত সংগঠনটোৰ প্ৰতি খড়গহস্ত হৈ পৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷
কেৱল এয়াই নহয়, এতিয়া আছুৱে এক ৰাজনৈতিক দলৰ ভূমিকা গ্ৰহণ কৰিছে বুলি মন্ত্ৰী শৰ্মাই কটাক্ষ কৰে৷
আজি দিছপুৰত আয়োজিত সংবাদমেলত মন্ত্রীগৰাকীয়ে এই সন্দর্ভত আৰু কয় যে কমিটীৰ প্রতিবেদন সম্পূর্ণ নহয়৷ খিলঞ্জীয়া বা অসমীয়াৰ সংজ্ঞা নিৰূপণৰ ক্ষেত্রত বা আনুষংগিক বিষয়ত থকা সাংবিধানিক জটিলতা আৰু আসোঁৱাহ দূৰ কৰিবলৈ কমিটীয়ে ৩জনীয়া বিশেষজ্ঞৰ পৰামর্শ গ্রহণৰ কথা কৈছে৷
তেনেস্থলত সময়ৰ প্রয়োজন আছে আৰু সেইবাবেই হয়তো ২ বছৰৰ কথা কোৱা হৈছে৷ ‘অসমীয়াৰ সংজ্ঞা নিৰূপণৰ বাবে ১৯৫১ চনৰ ভিত্তিবর্ষ হিচাপে লোৱাৰ ক্ষেত্রত নতুন এন আৰ চিৰ প্রয়োজন হ’ব নেকি? ভিত্তিবর্ষৰ প্রামাণিক তথ্য কি হ’ব? আদি বিভিন্ন প্রশ্ন আছে৷
এইবোৰৰ সমাধান সূত্রৰ সন্ধান কৰিব লাগিব বুলি মন্ত্ৰী হিমন্ত বিশ্ব শর্মাই প্ৰকাশ কৰে৷