হেডলাইন ডেস্কঃ ষ্টুডিঅ’ত নিউজ ৰিডাৰৰ অভব্য আচৰণ, নিৰাপত্তাৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিলে পৰিস্থিতি৷
এগৰাকী বাতৰি পঢ়োতাৰ উদ্ভত আচৰণে সৃষ্টি কৰা অপ্ৰীতিকৰ পৰিস্থিতিৰ ঘটনা পোহৰলৈ আহিছে আকাশবাণী গুৱাহাটীত৷ অসমীয়া জাতীয় জীৱনত বৰলুইতৰ দৰেই প্ৰৱাহমান এই গৌৰৱোজ্বল অনুষ্ঠানটোত বিগত সপ্তাহত সংঘটিত হৈছে এই ঘটনা৷ আকাশবাণী গুৱাহাটীৰ বাতৰি পঢ়োতা তথা অনুবাদক(News reader cum translator) প্ৰিয়ব্ৰত হাজৰিকাৰ বিৰূদ্ধে উত্থাপিত হৈছে এই অভিযোগ৷ আকাশবাণী গুৱাহাটীৰ এক সুত্ৰই প্ৰকাশ কৰা অনুসৰি প্ৰায়ে ভুল উচ্চাৰণ, ভুল শব্দৰ প্ৰয়োগ, ভুল বাক্যৰে বাতৰি পৰিবেশ কৰি আহিছিল হাজৰিকাই৷ আনকি মহামাৰী কোভিড১৯ নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে দিয়া তলাবন্ধ কাৰ্যসূচীক “হেঁপাহৰ লকডাউন” বুলি উল্লেখ কৰি শ্ৰোতাৰ সমালোচনাৰো সম্মুখীন হৈছিল পঢ়ুৱৈগৰাকী৷ এনেবোৰ ধাৰাবাহিক ভুলৰ বাবেই শেহতীয়াকৈ বিভাগীয় তদন্ত আৰম্ভ হৈছিল প্ৰিয়ব্ৰত হাজৰিকাৰ বিৰূদ্ধে৷ এই তদন্তৰ শেষত হাজৰিকাক শাস্তিমূলক বদলি হিচাপে আন্দামানস্থিত আকাশবাণীৰ প’ৰ্টব্লেয়াৰ কেন্দ্ৰলৈ বদলি কৰা হয়৷ কিন্তু বদলিৰ এই নিৰ্দেশনা লাভ কৰাৰ পিছতো ২২জুলাইত বলপূৰ্বক ষ্টুডিঅ’ত প্ৰবেশ কৰি বাতৰি পঢ়িবলৈ লয় বিতৰ্কিত হাজৰিকাই৷ কৰ্তৃপক্ষই হাজৰিকাক ষ্টুডিঅ’ৰ পৰা ওলাই আহিবলৈ কোৱাৰ পিছতো জোৰজৱৰদস্তি ষ্টুডিঅ’ৰ ভিতৰতে অভৱ্য আচৰণ আৰম্ভ কৰে হাজৰিকাই৷ পৰিস্থিতিৰ ক্ৰমাৎ অৱনতি ঘটাত কেন্দ্ৰৰ নিৰাপত্তাৰক্ষীৰ হতুৱাই নিয়ন্ত্ৰণ কৰিবলগীয়া হয় এই অপ্ৰীতিকৰ পৰিস্থিতিৰ৷ আকাশবাণীৰ সুত্ৰটোৱে প্ৰকাশ কৰা মতে, এই পৰিস্থিতিৰ পিছতেই এতিয়া প’ৰ্টব্লেয়াৰলৈ যাবলৈ মান্তি হৈছে প্ৰিয়ব্ৰত হাজৰিকা৷ যিসময়ত আকাশবাণীৰ শব্দ প্ৰয়োগ, উচ্চাৰণ তথা বাক্যৰ গাঁথনিক এক আদৰ্শ আৰ্হি হিচাপে অসমীয়া সমাজ জীৱনত গ্ৰহন কৰি অহা হৈছে এনেসময়তেই বাতৰি পঢ়োতাগৰাকীৰ এই কাণ্ডত স্বাভাৱিকতে ভিতৰমহলত সৃষ্টি হৈছে এক অস্বস্তিকৰ পৰিবেশৰ৷
চিত্ৰৰ উৎসঃ ইণ্টাৰনেট